ডিজিটেল ডেস্কঃ কমনৱেলথ গেমছত ভাৰতৰ মহিলা শ্বুটাৰ শ্ৰেয়াশ্ৰী সিঙে সোণৰ মেডেল লাভ কৰে৷ শ্ৰেয়াশ্ৰী সিঙে ভাৰতলৈ দ্বাদশটো সোণৰ মেডেল আজুৰি আনিবলৈ সক্ষম হয়৷ 

কমনৱেলথ গেমছত বুধবাৰৰ দিনটোত প্ৰথমটো স্বৰ্ণ পদক ভাৰতলৈ আনে শ্বুটাৰ শ্ৰেয়াশ্ৰী সিঙে৷ শ্ৰেয়াশ্ৰী  সোণৰ পদক লাভ কৰাৰ লগে লগে ভাৰতে লাভ কৰে ১২টা স্বৰ্ণ মেডেল৷ ভাৰতে মুঠ ২৩টা পদক লাভ কৰিহলৈ সক্ষম হৈছে।

অষ্ট্ৰেলিয়াৰ শ্বুটাৰ এম্মা কাক্সাই তিনিটা ৰাউণ্ডত আগবাঢ়ি আছিল৷ কিন্তু চতুৰ্থ ৰাউণ্ডত ১৮ পইন্ট লাভ কৰি দ্বিতীয় স্থানত উপনীত হয় শ্ৰেয়াশ্ৰীয়ে ৷ শ্বুটঅফৰ সময়ত দুয়োটা সঠিক স্থানত লগাবলৈ সক্ষম হয় যদিও অষ্ট্ৰেলিয়াৰ খেলুৱৈগৰাকীয়ে লক্ষ্য ভ্ৰষ্ট হয়৷ যাৰ ফলত ভাৰতলৈ আহে স্বৰ্ণ মেডেল৷ শ্বুটিঙত এইটো চতুৰ্থ স্বৰ্ণ মেডেল লাভ কৰে ভাৰতে৷