♦ বাতৰি সংগ্রহ কৰিবলৈ যোৱা সাংবাদিকক বাধা আবকাৰী বিষয়া অৰুণজ্যোতি ভড়ালী আৰু জিলা সহকাৰী আয়ুক্ত মনালী প্রসাদ ৰজকৰ

জিয়াৰুদ্দিন আহমেদ, শিৱসাগৰঃ শিৱসাগৰ জিলাৰ নামতি অঞ্চলৰ এক জনবসতিপূৰ্ণ এলেকা খনিকৰ গাঁৱত দেশীয় সুৰাৰ পাইকাৰী গুডাম স্থাপন কৰাক কেন্দ্ৰ কৰি বৃহস্পতিবাৰে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়।

উল্লেখ্য যে, নামতি চাৰিআলি খনিকৰ গৰখীয়া পুখুৰী পাৰত আবকাৰী বিভাগ, জিলা প্ৰশাসন, স্থানীয় অভিযোগকাৰী, দেশীয় সুৰাৰ পাইকাৰী অনুজ্ঞাপত্ৰধাৰী, গাঁওবুঢ়াৰ মাজত ৰাজহুৱা শুনানি অনুষ্ঠিত হৈছিল। শুনানিৰ সময়ত স্থানীয় অৰ্দ্ধশতাধিক পুৰুষ-মহিলাই জনবসতিপূৰ্ণ এলেকাটোত দেশীয় সুৰাৰ পাইকাৰী গুডাম স্থাপন কৰিব নালাগে বুলি স্পষ্ট মত প্ৰকাশ কৰে।

স্থানীয় লোকৰ অভিযোগৰ পাছতো জিলা আবকাৰী বিভাগ আৰু প্ৰশাসন দেশীয় সুৰা পাইকাৰী অনুজ্ঞাপত্ৰধাৰী পক্ষত থকাৰ অভিযোগ কৰি শুনানিত অংশগ্ৰহণ কৰা মহিলাসকল ক্ষোভিত হৈ পৰে। ক্ষোভিত মহিলাসকলে "আমাক মদৰ দোকান নালাগে, মদৰ গুদাম ধ্বংস কৰক, ঘোচখোৰ আবকাৰী বিভাগ গ' বেক, প্রশাসনে সুৰা ব্যৱসায়ীৰ লগত মিতিৰালি বন্ধ কৰক" আদি ধ্বনি দি উত্তাল প্রতিবাদ সাব্যস্ত কৰে।

তেওঁলোকৰ মতে, চৰকাৰে মদৰ অনুজ্ঞাপত্র দি নিবনুৱা সমস্যা দূৰ কৰিব নোৱাৰে। নাৰী নির্যাতনৰ দৰে ঘটনাবোৰ সুৰাৰ বাবেই বৃদ্ধি পাইছে। আনহাতে, উক্ত ঘটনা বাতৰি সংগ্রহ কৰিবলৈ যোৱা সাংবাদিকক আবকাৰী বিষয়া অৰুণজ্যোতি ভড়ালী আৰু শিৱসাগৰ জিলাৰ সহকাৰী আয়ুক্ত তথা কার্যকৰী দণ্ডধীশ মনালী প্রসাদ ৰজকে বাধা আৰোপ কৰে। 

কোৱা বাহুল্য যে মনালী প্রসাদ ৰজকৰ মতে সাংবাদিকে বাতৰি লিখিব নালাগে কিবা ৰিপর্ট দিবলগীয়া হ'লে প্ৰশাসনে দিব। উল্লেখ্য যে, আৱকাৰী বিভাগ তথা জিলা প্রশাসনৰ কর্ম-কাণ্ডই আন এক ৰহস্যৰ সৃষ্টি কৰিছে। পৰৱর্তী সময়তহে জানিব পৰা যাব বৃহত্তৰ নামতি আঞ্চলত দেশীয় সুৰাৰ পাইকাৰী গুডাম স্থাপন হ’ব নে নহ’ব।