01
Jul
জয়সাগৰঃ শিৱসাগৰ জিলা প্ৰশাসনৰ উদ্যোগত আজি শিৱগাসৰ দিৱস পালন কৰা হয়। পুৱা ৪ বজাত জিলাখনৰ নামতি চাৰিআলিৰ পৰা শিৱসাগৰ নগৰলৈ মাৰাথান দৌৰেৰে শুভাৰম্ভ কৰা হয় এই দিৱসৰ ৷
শিৱসাগৰ দিৱস উপলক্ষে সংস্কৃতিৰ বৰঘৰ, ৬০০ বছৰীয়া গৌৰৱময় আহোম ৰাজত্বকালৰ ৰাজধানী, বিভিন্ন জাতি-জনগোষ্ঠীৰ মিলনভূমি ঐতিহাসিক চহৰখনত দেখা যায় এক উছৱমুখৰ পৰিৱেশ।
ইতিহাস প্ৰসিদ্ধ জিলাখনৰ বাসিন্দাসকলৰ মাজৰ সাতামপুৰুষীয়া সংহতি তথা সংস্কৃতিৰ বান্ধোন অধিক টনকিয়াল আৰু জিলাখনৰ বিভিন্ন সমলসমূহক বিশ্বদৰবাৰত জিলিকাই তুলিবলৈ শিৱসাগৰ জিলা প্ৰশাসনে এই দিৱসৰ আয়োজন কৰে।
দিনযোৰা কাৰ্যসূচীৰে অনুষ্ঠিত শিৱসাগৰ দিৱসত সন্ধিয়া শিৱসাগৰ বৰপুখুৰীৰ পাৰত বন্তি প্ৰজ্বলন তথা বৰপুখুৰীৰ পাৰত থকা যুৱদৌলত সাংস্কৃতিক সন্ধিয়া আৰু বঁটা বিতৰণী অনুষ্ঠান অনুষ্ঠিত হয়।