ডিজিটেল ডেস্কঃ আফ্ৰিকান দেশ চোমালিয়াৰ ৰাজধানীত দেওবাৰে সংঘটিত বিস্ফোৰণত মৃতকৰ সংখ্যা ১৮৯জনলৈ বৃদ্ধি হয়৷ প্ৰায় ৪০০ লৈকে বৃদ্ধি হয় আহতৰ সংখ্যা৷ দেশৰ মন্ত্ৰণালয়ৰ সমীপতে বিস্ফোৰক ভৰ্তি ট্ৰাকেৰে বিস্ফোৰণ কাণ্ড সংঘটিত কৰে উগ্ৰপন্থীয়ে৷ দেশৰ খনৰ চৰকাৰে এই ঘটনাৰ সৈতে অল কায়দাৰ সৈতে জড়িত হৈ থকা অ’ল-চবাব সন্ত্ৰাসবাদী সংগঠন জড়িত বুলি স্পষ্ট কৰে৷
কিন্তু এতিয়ালৈ কোনো উগ্ৰপন্থী সংগঠনে এই ঘটনাৰ দায়িত্ব স্বীকাৰ কৰা নাই৷ চোমলিয়াত যোৱা কেবাবছৰ ধৰি সংঘটিত হৈ অহা বিস্ফোৰণ কথা আক্ৰমণৰ ঘটনাৰ ভিতৰত দেওবাৰে সংঘটিত ঘটনা আছিল শক্তিশালি আৰু ভয়াবহ৷ চিকিৎসালয়ত বহু আহতৰ অৱস্থাত সংকট জনক হোৱাৰ বাবে মৃতকৰ সংখ্যা বৃদ্ধি পোৱাৰ আশংকা কৰে চৰকাৰে৷ বহু লোকক চিনাক্ত নোহোৱাকৈ কবৰ দিব লগা হ’ব পাৰে বুলি জানিব পৰা গৈছে৷
দেশ খনৰ ৰাষ্ট্ৰপতি মহম্মদ আব্দুল্লাই তিনিদিনীয়া শোক পালন কৰিব বুলি ঘোষণা কৰে৷ দেওবাৰে প্ৰথমে চোমালিয়াৰ ৰাজধানী মোগাদিচুৰ ব্যস্ত এলেকাত এখন ট্ৰাকেৰে বিস্ফোৰক সামগ্ৰী কঢ়িযায় আনি বিস্ফোৰণ সংঘটিত কৰাত প্ৰায় ৪০গাৰকী লোকৰ মৃত্যু হয়৷ বিস্ফোৰণৰ পিছতে হুৱা লাগে ৰাজধানী মোগাদিচুত৷ তাৰ পিছতে হুদান জিলাৰ আন এটি ব্যস্ত এলেকাক এখন হোটেলক টাৰ্গেট কৰি পুনৰ বিস্ফোৰণ কৰাৰ লগতে গুলীচালনা কৰে৷
সুৰক্ষা কৰ্মীয়ে ট্ৰাক খনক সন্দেহ কৰি পিছা কৰিছিল যদিও বিস্ফোৰক ভৰ্তি ট্ৰাক খনে বিস্ফোৰণ কাণ্ড সংঘটিত কৰে৷ লগে লগে বিস্ফোৰণ সংঘটিত দুয়ো ঠাইত হুৱাদুৱা লাগে৷ কলা ধোৱা আৰু জুইয়ে আকাশ চানি ধৰে৷ মৃতদেহ যতে-ততে পৰি থকাৰ লগতে আহত লোকে চিৎকাৰ কৰিব ধৰে৷ ততাতৈয়াকৈ প্ৰশাসন তথা স্থানীয় লোকে আহতক উদ্ধাৰ কিৰ চিকিৎসালয়লৈ নিয়ে৷ বহু লোকৰ চিকিৎসালয়তো মৃত্যু হয়৷
একাংশ লোক চিকিৎসাধীন লোকক ৰক্তদান কৰাৰ লগতে বিভিন্ন ধৰণে সহায়-সহযোগ কৰে৷ বিস্ফোৰণৰ ফলত বহু লোক অগ্নিদগ্ধ হয়৷ বহু ঠাই ধ্বংসস্তূপ পৰিণত হোৱাত একাংশ লোকে পৰিয়ালৰ সদস্যক বিছাৰি হায়ঃৰাণ হৈ পৰে৷ সমগ্ৰ চহৰত এম্বুলেঞ্চল চাইৰেণত কপি উঠে৷ আমিন এম্বুলেঞ্চ সংস্থাই বিগত দহ বছৰত এনে পৰিবেশ হোৱা নাছিল বুলি কয়৷ সমগ্ৰ পৰিবেশক ৰাষ্ট্ৰীয় সংকট জ্ঞান কৰে চৰকাৰে৷