গুৱাহাটীঃ আমি ১৭ জুলাইত মাত্ৰ ২ ঘন্টা প্ৰতিবাদ কৰিম৷ ২ ঘন্টাৰ ভিতৰত ৰাজ্য চৰকাৰে আমাক নিযুক্তি দিয়াৰ লিখিত প্ৰতিশ্ৰুতি নিদিলে পৰৱৰ্তী ১০ মিনিটত এক ভয়ানক পৰিস্থিতিৰ সাক্ষী হ'ব অসম৷ ৰাজ্য চৰকাৰক এই ভাবুকি প্ৰদান কৰিছে বিশেষ অাৰক্ষী বিষয়া কল্যাণ সমিতিৰ সভাপতি দিলীপ শইকীয়াই৷

আজি গুৱাহাটী প্ৰেছ ক্লাৱত এখন সংবাদমেল অনুষ্ঠিত কৰি এছ পি অ'সকলক নিযুক্তি দিয়াৰ নামত চৰম প্ৰতাৰণা কৰা ৰাজ্য চৰকাৰৰ বিৰুদ্ধে ক্ষোভিত হৈ পৰে দিলীপ শইকীয়া৷ দীৰ্ঘদিন ধৰি প্ৰতিবাদ কৰি অহা এছ পি অ'সকলক প্ৰতিখন ৰাজ্য চৰকাৰে অৱজ্ঞাৰ দৃষ্টিৰে চাই অহাত দিক-বিদিক হেৰুৱাইছে বুলি কয় শইকীয়াই।

কৰ্ম সংস্থাপনৰ অভাৱত প্ৰতিজন জোৱানৰ পৰিয়াল এতিয়া মৃত্যুৰ দুৱাৰদলিত বুলিও তেওঁ সংবাদ মেলত উল্লেখ কৰে। অামোলা বিষয়াৰ টেবুলতে জোৱানসকলৰ পুনৰ সংস্থাপনৰ ফাইল অাবদ্ধ হৈ আছে বুলিও তেওঁ ক্ষোভ প্ৰকাশ কৰে।

উল্লেখ্য যে, উগ্ৰপন্থীৰ বিৰুদ্ধে বিশেষ অভিযান চলাবলৈ ২০০৮ অাৰু ২০১২ বৰ্ষত নিযুক্তি দিয়া এছ পি অ'সকলক ২০১৫ বৰ্ষৰ জুন মাহতে চাকৰিৰ পৰা অব্যাহতি দি ৰাজ্য চৰকাৰে অাজি পৰ্য্যন্ত কোনো ব্যৱস্থা নল'লে। বিগত চৰকাৰে চৰম অন্যায় কৰাৰ দৰে বৰ্তমানৰ চৰকাৰৰখনেও অাশাত চেচাঁপানী ঢালিছে বুলি সংবাদ মেলত বিশেষ অাৰক্ষী বিষয়া কল্যাণ সমিতিয়ে অভিযোগ কৰে।

"যিসকল জোৱানে অশেষ কষ্টৰে উগ্ৰপন্থীৰ বিৰুদ্ধে অভিযান চলাই উগ্ৰপন্থীক অাত্মসৰ্মপণ কৰিবলৈ বাধ্য কৰালে সেই জোৱানসকলৰ আজি পানীত হাঁহ নচৰা সদৃশ অৱস্থা৷ বিপৰীতে অাত্মসৰ্মপণ কৰা উগ্ৰপন্থী সদস্যসকলক চৰকাৰৰ তৰফৰ পৰা কোটি কোটি টকাৰ ঋণৰ পৰা আৰম্ভ কৰি দিয়া হৈছে সকলো সা-সুবিধা।"- যি উদ্দেশ্যে ২১০০ জোৱানক চৰকাৰে নিযুক্তি দিছিল সেই উদ্দেশ্যে পূৰণত সফল হোৱাৰ পুৰস্কাৰ কৰ্মৰ পৰা অব্যাহতি বুলি উল্লেখ কৰি আজিৰ সংবাদ মেলত চৰকাৰৰ বিৰুদ্ধে ক্ষোভ উজাৰে এছ পি অ'সকলে।

মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে জোৱানসকলক নিযুক্তিৰ অাশ্বাস দিছিল যদিও অাজি পৰ্য্যন্ত সেয়া কাৰ্য্যকৰী হৈ নুঠিল বুলিও অভিযোগ কৰে জোৱানসকলে। পেটৰ তাড়নাত পৰিয়ালক পোহপাল দিয়াৰ দায়িত্বত বহু জোৱানে দিন হাজিৰা কৰিব লগা হোৱা বুলিও উল্লেখ কৰে সংবাদমেলত। উল্লেখ্য যে, যোৱা ২ জুনত জোৱানসকলৰ এটি প্ৰতিনিধি দলে অসমৰ অাৰক্ষী সঞ্চালক প্ৰধানক সাক্ষাৎ কৰাত সঞ্চালক প্ৰধানগৰাকীয়ে ১২ জুনত মুখ্যমন্ত্ৰীৰ লগত অালোচনাৰ ব্যৱস্থা কৰি দিয়াৰ কথা অাছিল যদিও কোনো অালোচনা নোহোৱাত এতিয়া উপায়হীন হৈ পৰিছে এছ পি অ' জোৱানসকল।

সেয়ে এতিয়া, অহা ১৭ জুলাইত এছ পি অ' জোৱানসকলক নিযুক্তিৰ দাবীত ২ ঘন্টীয়া অৱস্থান ধৰ্মঘট কাৰ্য্যসূচী ৰূপায়ণ কৰিবলৈ বাধ্য হৈ পৰিছে বুলি আজিৰ সংবাদ মেলত কল্যাণ সমিতিয়ে সদৰী কৰে। যদিহে ধৰ্মঘট কাৰ্য্যসূচীৰ ২ঘন্টাৰ ভিতৰত ৰাজ্য চৰকাৰে নিযুক্তিৰ কোনো ব্যৱস্থা গ্ৰহণৰ লিখিত প্ৰতিশ্ৰুতি নিদিয়ে তেন্তে পৰৱৰ্তী ১০ মিনিটৰ ভিতৰত সমগ্ৰ অসমবাসী এক ভয়াৱহ পৰিস্থিতিৰ সাক্ষী হৈ ৰ'ব বুলি স্পষ্ট কৰি দিয়ে।