newsnextone.com | ডিজিটেল ডেস্কঃ দেওবাৰে দেশৰ বিভিন্ন প্ৰান্তত প্ৰৱল ধুমুহা-বৰ্ষাপাতৰ ফলত ৬০ জন নিহত হয়৷ ধুমুহা-বজ্ৰপাত আৰু মুষলধাৰ বৰষুণৰ ফলত উত্তৰ প্ৰদেশ, অন্ধ্ৰ প্ৰদেশ, পশ্চিম বংগ তথা দিল্লী আৰু তাৰ সংলগ্ন অঞ্চসমূহত বিস্তৰ ক্ষতিসাধন হয়৷

উত্তৰ প্ৰদেশত ধুমুহা আৰু বজ্ৰপাতৰ ফলত অতি কমেও ৩৮ জন লোকৰ মৃত্যু ঘটে৷ দেওবাৰে নামি অহা এই প্ৰাকৃতিক দুৰ্যোগৰ ফলত বিস্তৰ ক্ষতিসাধন হোৱাৰ লগতে ৫০ গৰাকীতকৈও অধিক লোক গুৰুতৰভাৱে আহত হয়৷

আনহাতে উত্তৰ প্ৰদেশৰ লখিমপুৰ খেৰিত প্ৰায় ৮০ টা বাসগৃহ ধুমুহাই ভাঙি পেলায়৷ সম্ভাল অঞ্চলত ৩১ টা বাসগৃহ ধ্বংসস্তুপত পৰিণত হয়৷ ৰাজ্যখত ধুমুহা-বৰষুণৰ তাণ্ডৱৰ ফলত ১১৭ টা পৰিয়াল গৃহহাৰা হৈ পৰাৰ লগতে গছ-বিদ্যুৎ খুঁটা ভাঙি পৰাত বিভিন্ন অঞ্চলত যাতায়ত ব্যৱস্থা ব্যহত হৈ পৰে৷ উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে ক্ষতিগ্ৰস্থক অতি সোনকালে সাহায্য প্ৰদান কৰিবলৈ জিলা প্ৰশাসনক নিৰ্দেশ প্ৰদান কৰিছে৷

ইফালে দিল্লীত ধূলিৰ ধুমুহা আৰু প্ৰবল বৃষ্টিপাতৰ ফলত ২জনৰ মৃত্যু ঘটে৷ আনহাতে পশ্চিম বংগৰ পঞ্চায়ত নিৰ্বাচনৰ আগদিনা প্ৰৱল ধুমুহা-বৰষুণ আৰু শিলাবৃষ্টিৰ ফলত ১৩ জন নিহত হোৱাৰ বাতৰি লাভ কৰা হৈছে৷ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জিয়ে আহত আৰু নিহত পৰিয়াললৈ চৰকাৰী সাহায্য প্ৰদান কৰাৰ ঘোষণা কৰে৷ সংবাদ সংস্থা পিটিআইত প্ৰচাৰিত বাতৰি অনুসৰি অন্ধপ্ৰদেশৰ শ্ৰীকাকুলাম আৰু কাপাড়া জিলাত ৰবিবাৰে বজ্ৰপাত আৰু শিলাবৃষ্টিত কমেও ৯জন নিহত হয়৷ গুৰুতৰ ভাৱে আহত হয় ৩ জন৷ 

দেওবাৰে সংঘটিত হোৱা এই ঘটনাত শোক প্ৰকাশ কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে৷ ধুমুহা-বৃষ্টিত ক্ষতিগ্ৰস্থ পৰিয়াল সমূহলৈ সাহায্য প্ৰদান কৰিবলৈ প্ৰশাসনক নিৰ্দেশ দিছে প্ৰধানমন্ত্ৰীগৰাকীয়ে।