গোৰেশ্বৰঃ অবিভক্ত কামৰূপ জিলাৰ গোৰেশ্বৰৰ ৰাজ্যৰ অতি পুৰণি অদ্বিতীয় সংঘ ‘বেতনা শিক্ষা আৰু কৃষি উন্নয়ন সংঘ’ই আজি স্থানীয় কলাগুৰু বিষ্ণুৰাভা ভৱনত এক বিশেষ অভিনন্দন অনুষ্ঠান অনুষ্ঠিতকৰে। বেতনা শিক্ষা আৰু কৃষি উন্নয়ন সংঘৰ সভাপতি অমীন্দ্ৰ নাথৰ পৌৰহিত্যত অনুষ্ঠিত অভিনন্দন অনুষ্ঠানৰ সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে হলিৰাম দাসে।

অভিনন্দন অনুষ্ঠানত উচ্চ মাধ্যমিক ১৪২ গৰাকী আৰু উচ্চতৰ মাধ্যমিকৰ ৯৫ গৰাকী সৰ্বমুঠ ২৩৭ জন কৃতী ছাত্ৰক সম্বৰ্ধনা জনোৱা হয়। উল্লেখ্য যে ১৯৮৫ চনৰ পৰাই ৰাজ্যৰ বৃহৎ সংঘটোৱে কৃতী ছাত্ৰ-ছাত্ৰীক অভিনন্দন জ্ঞাপন কৰি আহিছে। অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকি বিটিচিৰ কাৰ্যবাহী সদস্য মহেশ্বৰ বসুমতাৰীয়ে বৰ্তমান সময়ত ছাত্ৰ-ছাত্ৰীয়ে ভীষণ প্ৰতিযোগিতাৰ সম্মুখীন হৈছে বুলি কয়।

তৃতীয় বিভাগত উত্তীৰ্ণ সকলক ক’ত সংস্থাপন কৰিব চৰকাৰে সেয়া চিন্তা কৰিব লগা হৈছে। নামভৰ্ত্তিৰ ক্ষেত্ৰতো সমস্যাৰ সৃষ্টি হৈছে। ত্ৰিশ শতাংশ নম্বৰ পাই যদি কোনো ক্ষেত্ৰতে অগ্ৰাধিকাৰ নাপায় তেন্তে উৰ্ত্তীণ শতকৰা হাৰ পঞ্চাশ শতাংশ কৰা হওঁক আৰু বাকী খিনিক ফেইল কৰি দিয়া হওঁক বুলি গুৰুত্বপূর্ণ মন্তব্য কৰে। ইয়াৰ পূৰ্বে পুৱা সংঘৰ পতাকা উত্তোলন কৰে সভাপতি অমীন্দ্ৰ নাথে। স্মৃতি তৰ্পণ কৰে সংঘৰ উপ-সভাপতি কৰুণা কান্ত ডেকাই।

১৯৫৮ চনতে প্ৰতিষ্ঠা হোৱা বেতনা শিক্ষা আৰু কৃষি উন্নয়ন সংঘৰ প্ৰতিষ্ঠা কালৰে এগৰাকী সেৱক তথা কৃতী শিক্ষক ভবেন্দ্ৰ নাথ ডেকাই সভাত স্মৃতি ৰোমন্থন কৰি কয় যে সমাজৰ কেবাজনো গুণী লোকৰ শুভ ইচ্ছাত অসমৰ এই সৰ্ববৃহৎ সংঘ প্ৰতিষ্ঠা হৈছিল, যিটো সংঘই বৃহত্তৰ গোৰেশ্বৰত ষথেষ্ঠ উন্নয়ন মূলক কাম কৰিবলৈ সক্ষম হৈছে। অভিনন্দন অনুষ্ঠানত গোৰেশ্বৰ অঞ্চলৰ প্ৰয়াত মজমিল  আলীৰ সোৱঁৰণত বিশেষ বঁটা আগবঢ়াই পুত্ৰ মোবাৰক হুচেইনে।

বেতনা মৌজাৰ ভিতৰত গণিত বিষয়ত সৰ্বোচ্চ নম্বৰ প্ৰাপ্ত চানজাবৌৰালী স্কুলৰ অজন্তা বড়োক মানপত্ৰ আৰু নগদ ধনেৰে পুৰস্কৃত কৰে মোবাৰক হুচেইনে। লগতে একেগৰাকী ছাত্ৰীক বেতনা মৌজাৰ ভিতৰত সৰ্বোচ্চ নম্বৰ লাভ কৰা বাবে গোৰেশ্বৰ নিবাসী ঘনকান্ত ডেকাই মান পত্ৰ, গামোচা, প্ৰশস্তি পত্ৰ আৰু নগদ ধনেৰে সম্বৰ্ধনা জ্ঞাপন কৰে।

সভাত নিৰ্দিষ্ট বক্তাৰ ভাষণ দি গোৰেশ্বৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ বিষয় শিক্ষয়িত্ৰী ভণিতা ডেকাই সাফল্যৰ চাবিকাঠিৰ বাবে ভবিষ্যতে ছাত্ৰ-ছাত্ৰীসকলে লক্ষ্য আগত ৰাখি একাগ্ৰতাৰে, শৃংখলাবদ্ধতা, নিষ্ঠাৰে আগবাঢ়ি যাব লাগে বুলি পৰামর্শ আগবঢ়াই। সভাত গোৰেশ্বৰ অঞ্চলৰ শিক্ষানুষ্ঠানৰ সমূহৰ মুৰব্বী, শিক্ষক-শিক্ষয়িত্ৰীৰ লগতে বিশিষ্ট ব্যক্তি সকল উপস্থিত থাকে।