নগাঁওঃ গ্ৰীষ্মকালীন বন্ধৰ সময়খিনি কণ কণ ছাত্ৰ-ছাত্ৰীসকলে হাঁহি-ধেমালিৰ মাজেৰে পাৰে কৰে৷ শিশু তথা কণ কণ ছাত্ৰ-ছাত্ৰীৰ বাবে গ্ৰীষ্মকালীন বন্ধৰ সময়খিনি সোণালী সময়৷

য’ত তেওঁলোকে স্কুলীয়া শিক্ষাক বিদ্যালয়ৰ চাৰিবেৰৰ মাজৰ পৰা মুক্ত হৈ বাহিৰৰ জগতখনৰ সৈতে জড়িত হোৱাৰ সুবিধা পায়৷

এনে এটি গুৰুত্বপূৰ্ণ সময়ৰ কথা চিন্তা কৰিয়েই বিগত বৰ্ষৰ দৰে এইবেলিও গ্ৰীষ্ম বন্ধত প্ৰথম এডুকেচ’ন ফাউণ্ডেচনে সমগ্ৰ ৰাজ্যৰ ১০ খন জিলাৰ সৰ্বমুঠ ১১০০ খন বিদ্যালয়ত শৈক্ষিক মেলা অনুষ্ঠিত কৰিব।

প্ৰথম এডুকেচ’ন ফাউণ্ডেচনৰ নগাঁও জিলা গোটে অহা পহিলা জুলাইৰ পৰা জিলাখনৰ খাগৰিজান শিক্ষা খণ্ডৰ ১০০ খন আৰু কপিলী শিক্ষা খণ্ডৰ ৮ খন বিদ্যালয়ত অভিভাৱক, স্থানীয় ৰাইজ আৰু শিক্ষক-শিক্ষয়িত্ৰীসকলৰ সহযোগত গ্ৰীষ্মকালীন শিক্ষামেলাৰ আয়োজন কৰিছে৷

প্ৰথম শ্ৰেণীৰ পৰা অষ্টম শ্ৰেণীলৈকে অধ্যয়ণৰত ছাত্ৰ-ছাত্ৰীসকলক সামৰি এই শিক্ষামেলা অনুষ্ঠিত কৰা হ’ব বুলি প্ৰথমৰ জিলা সমন্বয়ক মুকুট বৰাই জানিবলৈ দিছে৷