Image for Representation
Image for Representation

ডিজিটেল ডেস্কঃ অৱশেষত দেশৰ শীৰ্ষ আদালতে আশাৰ ৰেঙণি কঢ়িয়াই আনিছে ধৰ্ষণৰ বলি হৈ অন্তঃসত্বা হোৱা ১০ বছৰীয়া নাবালিকাগৰাকীলৈ। চণ্ডীগড়ৰ এখন জিলা আদালতে ২৬ সপ্তাহৰ অন্তঃসত্বা নাবালিকাগৰাকীৰ গৰ্ভপাতৰ আবেদন খাৰিজ কৰাৰ পিছতে চিন্তিত হৈ পৰিছিল চিকিৎসকসকল।

বিশেষজ্ঞ চিকিৎসকসকলে জনোৱা মতে গৰ্ভপাত নকৰিলে নাবালিকাগৰাকীৰ লগতে গৰ্ভস্থ সন্তানটোৰে প্ৰাণৰ শংকা আছে। সোমবাৰে এই অসহায় নাবালিকাগৰাকীৰ জীৱনৰ চূড়ান্ত যন্ত্ৰণা উপলব্ধি কৰে দেশৰ সৰ্বোচ্চ আদালতে। শীৰ্ষ আদালতে চণ্ডীগড়ৰ জিলা আদালতৰ ৰায় খাৰিজ কৰি স্পষ্ট কৰি দিয়ে যে চিকিৎসকৰ প্ৰতিবেদন পৰীক্ষা কৰি গৰ্ভপাতৰ অনুমতি দিব পাৰি নে নোৱাৰি সেয়া শীঘ্ৰে বিচাৰ কৰি চাব।

বিচাৰপতি জে এছ খেহাৰ আৰু ডি ৱাই চন্দ্ৰচূড়েৰ এখন বিচাৰপীঠে এই নাবালিকাগৰাকীৰ স্বাস্থ্য পৰীক্ষাৰো নিৰ্দেশ দিয়ে। এতিয়া অহা ২৬ জুলাইত চণ্ডীগড়ৰ পোষ্ট গ্ৰেজুৱেট ইনষ্টিটিউট অব মেডিকেল এডুকেশ্যন এণ্ড ৰিছাৰ্চৰ এখন মেডিকেল ব’ৰ্ডে সকলোখিনি পৰীক্ষা সম্পন্ন কৰিব।

উচ্চতম ন্যায়ালয়ৰ তৰফৰ পৰা ছেক্ৰেটাৰী অব লিগেল ছাৰ্ভিছেছ অথৰিটিক নাবালিকাগৰাকীক যাতে নিৰাপদে চিকিসালয়লৈ পৰীক্ষাৰ বাবে নিয়াৰ লগতে পৰীক্ষাৰ সকলো ৰিপ’ৰ্ট বন্ধ খামৰ ভিতৰত ২৮ জুলাইত আদালতত তুলি দিবলৈ নিৰ্দেশ দিয়া হৈছে। ইয়াৰ পিছতে আদালতে গৰ্ভপাতৰ সিদ্ধান্ত সন্দৰ্ভত চূড়ান্ত সিদ্ধান্ত গ্ৰহণ কৰিব।

উল্লেখ্য যে ১৯৭১ চনৰ মেডিকেল টাৰ্মিনেশ্যন অফ প্ৰেগনেন্সি এক্টৰ সালসলনিৰ প্ৰস্তাৱ ২০১৪ চনৰ পৰা ওলমি ৰৈছে। মন্ত্ৰীসভাৰ অনুমতি পালেই সংসদত উত্থাপন কৰা হ’ব এই বিধেয়ক। সংসদৰ এনে লেহেমীয়া গতিৰ ফলতে এতিয়া ধৰ্ষণৰ বলি হৈ অন্তঃসত্বা হ’বলগীয়া হোৱা ১০ বছৰীয়া কণমানিগৰাকীয়ে সহিবলগীয়া হৈছে জীৱনৰ চৰম যন্ত্ৰণা।

কিয়নো ১৯৭১ চনৰ আইন অনুযায়ী বৰ্তমান ভ্ৰুণৰ বয়স ২০ সপ্তাহৰ অধিক হ’লে গৰ্ভপাত কৰাতো বেআইনী। কোনো ক্ষেত্ৰত অস্বাভাৱিকতাই দেখা দিলে আদালতৰ ৰায় অনুযায়ী গৰ্ভপাত সম্ভৱ। নতুন বিধয়েকত ২০ সপ্তাহৰ পৰা বৃদ্ধি কৰি সেই সময়সীমা ২৪ সপ্তাহ কৰাৰ প্ৰস্তাৱ লোৱা হৈছে।

জানিব পৰা মতে ১০ বছৰীয়া কণমানিগৰাকী যে এনেদৰে ধৰ্ষণৰ ফলত অন্তঃসত্বা হ’ব সেয়া কোনেও কল্পনাই কৰিব পৰা নাছিল। বহু দিনলৈ পৰিয়ালৰ লোকসকলে সেয়া পেটৰ কোনো ৰোগ বুলিহে ভাবি আছিল। চিকিৎসকেও প্ৰথমতে শিশুটি অন্তঃসত্বা বুলি ধৰিবকে পৰা নাছিল। পিছত স্বাস্থ্য পৰীক্ষাৰ অন্ততহে সকলো পোহৰলৈ আহে।

শিশুটিক সোধ-পোছ কৰাৰ অন্তত জানিব পাৰে যে নিজৰ যুৱ মোমায়েকৰ দ্বাৰা কেবাবাৰো ধৰ্ষিতা হৈছিল শিশুটি। ইয়াৰ ফলতে এনেদৰে চিকিৎসকসকলকো হতভম্ব কৰি অন্তঃসত্বা হৈ পৰিছিল কণমানিটি। এই খবৰ পোৱাৰ লগে লগে হতাশাত ভাগি পৰে পিতৃ-মাতৃ। জানিব পৰা মতে, দুৰ্ভগীয়া শিশুটিৰ পিতৃ হৈছে এজন চৰকাৰী চাকৰিয়াল আৰু মাতৃ গৃহিণী।

চিকিৎসকসকলৰ মতে ১০ বছৰ বয়সত শিশু এটিৰ দেহৰ সম্পূৰ্ণ বিকাশ নহয় যাৰ বাবে স্বাভাৱিক প্ৰসৱ দূৰৈৰ কথা চিজাৰিয়ান পদ্ধতিৰে সন্তান জন্ম দিয়াতোও মৃত্যুৰ পৰা চুলি এডালৰ সমান বাট। ইমানলৈ চাই আদালতে শিশুটিক পোনপটীয়াকৈ গৰ্ভপাতৰ অনুমতি দিয়া প্ৰয়োজন আছিল বুলিও বহুতে ছ'চিয়েল মিডিয়াত মন্তব্য কৰা দেখা গৈছে।

(সম্পাদকৰ টোকাঃ এনে ঘটনাই বাৰে বাৰে সভ্য সমাজক কলংকিত কৰি আহিছে। বিগত কিছুদিন ধৰি আমাৰ ৰাজ্যখনৰ লগতে সমগ্ৰ দেশতে ক্ৰমা বৃদ্ধি পাবলৈ লৈছে এনে ঘটনা। তালৈ চাই এইধৰণৰ ঘটনাৰ বা-বাতৰিবোৰ প্ৰকাশ কৰাতো উচিত নে অনুচিত সেই লৈ পঢ়ুৱৈসকলৰ মাজত চৰ্চা চলা দেখা গৈছে। বিষয়টো সম্পৰ্কত সিদ্ধান্তত উপনীত হোৱাতো সহজ নহয় যদিও এটা কথা ক'ব পাৰি যে সংবাদ মাধ্যম হৈছে সমাজৰ দাপোণস্বৰূপ। সমাজত যিবোৰ ঘটে সেইবোৰ দাপোণস্বৰূপ সংবাদ মাধ্যমত প্ৰতিফলিত হোৱাটোৱেই স্বাভাৱিক।)