বিশ্বনাথ চাৰিআলিঃ বিশ্বনাথ চাৰিআলি আৰক্ষী থানাৰ অন্তৰ্গত অসম অৰুণাচল সীমান্তৰ বালিচাং, কয়লাজুলিত, থেৰাইবাৰীৰ ৰাইজে আত্মসমৰ্পণ কাৰী এনডিএফবি(এছ)ৰ এজন সদস্যক উত্তম-মধ্যম শোধাই আৰক্ষীক গতাই দিয়া ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে৷

প্ৰাপ্ত তথ্য মতে, আত্মসমৰ্পণকাৰী এনডিএফবি(এছ)ৰ কেটলেঙৰ নেতৃত্বত এটি ছয়জনীয়া দলে দীৰ্ঘদিনৰ পৰাই সন্ত্ৰাস সৃষ্টি কৰি আহিছিল সীমান্তৱৰ্ত্তী অঞ্চলটোত৷ ঘৰে ঘৰে ধন দাবী পত্ৰ প্ৰেৰণ কৰি ৰাইজৰ পৰা ধন সংগ্ৰহ কৰি আহিছিল৷ দাবীকৃত ধন আদায় নিদিলে প্ৰাণে মৰাৰ ভাবুকি দি আহিছিল দলটোৱে৷

এনডিএফবি(এছ)ৰ শোণিতপুৰ জিলাৰ কামাণ্ডৰ ৰাংচউ বসুমতাৰী, প্লাটুন কামাণ্ডৰ বুকদাও দৈমাৰী আৰু কেপ্টেইন আনঠাই ৰাজাৰ স্বাক্ষৰ সম্বলিত এই দাবী প্ৰত্ৰ প্ৰদান কৰিছিল৷ এই ছয়জনীয়া দলটোৰ ধন দাবীৰ ফলত একপ্ৰকাৰ অতিষ্ঠ হৈ পৰিছিল স্থানীয় ৰাইজ৷

আন দিনাৰ দৰে আজিও কেটলেঙৰ নেতৃত্বত দাবীকৃত ধন নিবলৈ অহাৰ সময়তে ধৈৰ্য্যৰ বান্ধ ছিঙা ৰাইজে নিজৰ ক্ষোভৰ বৰ্হিঃপ্ৰকাশ ঘটায়। ৰাইজে আবছুৰ সহযোগত উত্তম-মধ্যম শোধাই কেটলেঙক বালিচাং আৰক্ষী চকীত গতাই দিয়ে৷

সম্প্ৰতি বিশ্বনাথ চাৰিআলি আৰক্ষী থানাত কেটলেঙক ৰাখি তদন্ত অব্যাহত ৰাখিছে বিশ্বনাথ চাৰিআলি আৰক্ষীয়ে৷ সন্ত্ৰাসবাদীক দমনৰ নামত আৰক্ষীক সহায় কৰাৰ চলেৰে আত্মসমৰ্পণকাৰী এনডিএফবি(এছ)ৰ সদস্যই এতিয়া ধন দাবীৰে ৰাইজৰ মাজত সন্ত্ৰাস সৃষ্টি কৰি অহাৰ সময়তে আজি সংঘটিত এই ঘটনাৰ পৰা উচিত শিক্ষা পাব বুলি মত ব্যক্ত কৰিছে অঞ্চলবাসীয়ে।