ডিজিটেল ডেস্কঃ ৱৰ্ল্ড বুক অফ ৰেকৰ্ডত স্থান লাভ কৰিছে দেশৰ এখন তীৰ্থ স্থানে৷ অধিক পৰ্যটক তথা ভক্তৰ সমাগম হোৱা ঠাই হিচাপে এই সন্মাল লাভ কৰিছে পঞ্জাৱৰ বিশ্ব ঐতিহ্য স্বৰ্ণ মন্দিৰে৷ লণ্ডনৰ ৱৰ্ল্ড বুক অফ ৰেকৰ্ডে এই তথ্য পোহৰলৈ অনাৰ পিছতে বিশ্ব ৰেকৰ্ড গঢ়ে ধৰ্মীয় অনুষ্ঠানটোৱে৷ অমৃতচৰৰ স্বৰ্ণ মন্দিৰ দৰ্শনৰ বাবে প্ৰতি বছৰে দেশৰ লগতে বিদেশৰ হাজাৰ বিজাৰ লোকে ভিৰ কৰে৷
শুকুৰবাৰে তেজা সিং চামুন্দাৰী হ’লত আয়োজিত এক অনুষ্ঠানত ভাৰতৰ ৱৰ্ল্ড বুক অফ ৰেকৰ্ডৰ সাধাৰণ সম্পাদক সুৰভি কল আৰু পঞ্জাৱ শাখাৰ সভাপতি ৰণদীপ সিং কোহলিয়ে এই পুৰস্কাৰ প্ৰদান কৰে এচজিপিচিৰ সম্পাদক ৰূপ সিং আৰু অন্যান্য উচ্চপদস্থ বিষয়াসকলক৷
বিষয়া সুৰভি কলে প্রতি তিনি মাহৰ অন্তৰত এই পুৰষ্কাৰ দিয়া হয়। ছেপ্টেম্বৰ পৰা নৱেম্বৰ মাহ পর্যন্ত পোৱা সকলো তথ্যৰ ৱৰ্ল্ড বুক অফ ৰেকৰ্ডে ভিত্তিত এই সিদ্ধান্ত গ্ৰহণ কৰা বুলি কয় । কেইবালাখো ভক্ত এই পৱিত্র স্থানলৈ আহে। প্রতিদিনে ভক্তৰ সংখ্যা বৃদ্ধি হৈছে। স্বর্ণমন্দিৰৰ পুৰ্বে এই পুৰষ্কাৰ লাভ কৰিছিল চিৰিডি সাই বাবাৰ মন্দিৰ, বৈষ্ণদেৱী আৰু মাউন্ট আবুৱে।