newsnextone.com | ডিজিটেল ডেস্কঃ তামিলনাডুত নক্সাল, ইছলামিক আৰু মাওবাদী সন্ত্ৰাসবাদীয়ে ঘাটি পাতিছে৷ এই অভিযোগ কেন্দ্ৰীয় মন্ত্ৰী পি ৰাধাকৃষ্ণণনৰ৷ তামিলনাডুৰ এআইডিএমক চৰকাৰক আক্ৰমণ কৰি তামিলনাডুত ইছলামিক সন্ত্ৰাসবাদী আৰু মাওবাদীৰ স্থিতি মজবুত হৈছে বুলি দাবী কৰে৷ যোৱা ২০ জুনত জল্লীকুট্টুৰ বিৰুদ্ধে সাব্যস্ত কৰা প্ৰতিবাদী কাৰ্যসূচীত অংশ লৈ যোৱা ডেৰ বছৰ ধৰি এই কথা কৈ অহাৰ পিছতো কোনোৱে তেওঁৰ কথা নুশুনে বুলি কয়  কেন্দ্ৰীয় মন্ত্ৰী পি ৰাধাকৃষ্ণণনে৷

ৰাজ্যখনত পাহাৰীয়ে এলেকাত মাওবাদীয়ে প্ৰশিক্ষণ শিবিৰ অনুষ্ঠিত কৰা বুলি দাবী কৰে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে৷ এই সন্দৰ্ভত কোনো তদন্ত নকৰা বুলিও অভিযোগ উত্থাপন কৰি সময় আহি পৰিছে ইয়াৰ বিৰুদ্ধে সষ্টম পদক্ষেপ লোৱাৰ বুলি কয়৷ অন্যথাই এদিন বহু ডাঙৰ সমস্যাৰ সৃষ্টি কৰিব বুলি কয়৷ যদি চৰকাৰে কোনো পদক্ষেপ গ্ৰহণ নকৰে তেন্তে তেওঁলোকৰ চৰকাৰ চলোৱাৰ কোনো অধিকাৰ নাই বুলি কয়৷

সংবাদ মাধ্যমক আক্ৰমণ কৰি সংবাদ মাধ্যমতো মাওবাদী, মুছলিম বিদ্ৰোহীয়ে ঠাই লোৱা বুলি কয়৷ যদি ইয়াৰ ওপৰত প্ৰতিবন্ধকতা লগোৱা নহয় তেন্তে আহি থকা সময়ত এয়া বহু ডাঙৰ সমস্যাত পৰিণত হ’ব৷ কেন্দ্ৰীয় মন্ত্ৰী ৰাধাকৃষ্ণণনৰ মন্তব্যক অপ-প্ৰচাৰ আখ্যা দিয়ে তামিলনাডু চৰকাৰৰ এগৰাকী মন্ত্ৰীয়ে৷ মন্ত্ৰী অ এছ মণিয়নে দেশৰ ভিতৰত তামিলনাডুৱে একমাত্ৰ শান্তিপূৰ্ণ ৰাজ্য বুলি কৈ ইয়াত সন্ত্ৰাবাদ বৃদ্ধিৰ কোনো কথাই নাথাকে বুলি কয়৷