গুৱাহাটীঃ অসম লোকসেৱা আয়োগত সংঘটিত হোৱা ভয়ংকৰ দুৰ্নীতিয়ে সমগ্ৰ ৰাজ্য তোলপাৰ লগাইছিল। আয়োগৰ অধ্যক্ষৰপৰা আৰম্ভ কৰি একাংশ দুৰ্নীতিগ্রস্ত বিষয়া জালত পৰিছিল। কিন্তু ইয়াৰ পাছতো আজি পৰ্যন্ত সংস্কাৰ হোৱা নাই অসম লোকসেৱা আয়োগ ভিতৰচ’ৰা। দুৰ্নীতিগ্ৰস্ত অধ্যক্ষ ৰাকেশ পালে চলাই যোৱা নিয়ম অনুসৰিয়ে আজিও চলি আছে আয়োগ। এই মন্ত্যৱ আৰ টি আই কর্মী অক্রাম প্ৰশান্ত সিঙৰ।
গুৱাহাটী প্ৰেছ ক্লাবত শনিবাৰে আৰ টি আই কর্মীগৰাকীয়ে এক সংবাদ মেল সম্বোধন কৰি কয় যে অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰায়ে কয় দুৰ্নীতি দিশত চৰকাৰে শূন্য সহনশীলতা নীতি গ্ৰহণ কৰিছে। যদি সেয়াই হয় তেন্তে কিয় আজিলৈকে ২০১৭ চনৰ অসম লোকসেৱা আয়োগৰ বিধি কাৰ্যকৰী কৰিব পৰা নাই?
লগতে তেওঁ তাপৰ্যপূৰ্ণভাৱে কয় যে লোকসেৱা আয়োগৰ সংস্কাৰৰ বাবে অসম চৰকাৰে যিদৰে প্ৰদক্ষেপ গ্ৰহণ কৰিব লাগিছিল তেনেদৰে গ্ৰহণ কৰা নাই। কাৰণ লোকসেৱা আয়োগৰ নিয়ম অনুসৰি নতুন বিধি কাৰ্যকৰী কৰিবৰ বাবে ৰাজ্য চৰকাৰে পাৰ্চনেল বিভাগৰদ্বাৰা প্ৰস্তুত কৰা প্ৰস্তাৱিত বিধি বিধানসভাত উত্থাপন কৰিব লাগে। কিন্তু অতি দুৰ্ভাগ্যজনক আজি পৰ্যন্ত সোনোৱাল চৰকাৰে ২০১৭ চনৰ অসম লোকসেৱা আয়োগৰ বাবে প্ৰস্তাৱিত বিধি বিধানসভাত উত্থাপন নকৰিলে। তাৰ ফলত দুৰ্নীতিৰ সদাগৰ ৰাকেশ পালে যি নিয়ম অনুযায়ী অসম লোকসেৱা আয়োগ চলাই আছিল সেই একে নিয়মেই বৰ্তমানো চলি আছে।
ইয়াৰ উপৰিও সংবাদ মেলতে আৰ টি আই কর্মীগৰাকীয়ে জানিবলৈ দিয়ে যে ভাৰতীয় সংবিধান অনুচ্ছেদ ৩২০ (৫) অনুসৰি অসম চৰকাৰে লোকসেৱা আয়োগৰ বিধিৰ খচৰা বিধাসভাত দাখিল কৰিব লাগে। কিন্তু অতি দুৰ্ভাগ্যজনক কথা যে দুৰ্নীতিৰ সদাগৰ ৰাকেশ পালে সংবিধানৰ নিৰ্দেশনাক অৱমাননা কৰি নীতিবৰ্হিভূতভাৱে প্ৰস্তুত কৰিছিল পূৰ্বৰ নিয়ম।
আৰ টি আইৰ তথ্যৰ ভিত্তিত তেওঁ কয় ২০১৮ চনত অসম লোকসেৱা আয়োগৰ জৰিয়তে অসম চৰকাৰৰ লিগেল মেট্ৰ’লজি পৰিদর্শক পদত ৰাজ্য ১৯ জনকৈ বিষয়া নিযুক্তি দিয়া হৈছিল। কিন্তু সেই নিযুক্তি দিয়া ১৯ জন বিষয়াৰ তিনিজনে এতিয়া সেই বিভাগৰপৰা অব্যাহতি লৈছে। অব্যাহতি লোৱা বিষয়া কেইজন হৈছে অলকা কুমাৰী, প্ৰাঞ্জল পৰাণ শইকীয়া আৰু অনুপ্ৰীতি দাস। কিন্তু সেই বিষয়া কেইজনৰ বিপৰীতে খালী হোৱা পদকেইটাত আজিলৈকে নতুন নিযুক্তি দিয়া নাই আয়োগে। তাৰ মূল কাৰণ হৈছে পঞ্জাব, বিহাৰৰ দৰে অসম লোকসেৱাত নাই ৱেটিং লিষ্টৰ ব্যৱস্থা। যাৰ ফলত খালী হোৱাৰ পাছতো পদকেইটাত নতুনকৈ নিযুক্তি দিব পৰা হোৱা নাই। সেইবাবে অক্ৰাম প্ৰশান্ত সিঙে ইউ পি এছ চিৰ দৰে অসম লোকসেৱা আয়োগতো ৱেটিং লিষ্টৰ ব্যৱস্থা কৰিব লাগে বুলি দাবী কৰে।
আজি এই সংবাদ মেলত উপস্থিত থাকে ২০১৮ চনত লিগেল মেট্ৰ’লজি পৰিদর্শক বাছনি পৰীক্ষাত অৱৰ্তীণ হোৱা দুই প্ৰাৰ্থী হিমাংশু বৰা আৰু দেৱব্ৰত খনিকৰ। ইয়াৰে হিমাংশু বৰাৰ দুই নম্বৰ কম হোৱা বাবে উক্ত পদত নিযুক্তিৰপৰা সেই সময়ত বঞ্চিত হ’ব লগা হৈছিল।