newsnextone.com | ডিজিটেল ডেস্কঃ দেশৰ বাবে এক বিৰল আৰু গৌৰৱৰ মুহূৰ্ত৷ সোমবাৰে কেৱল মহিলাই পৰিচালনা কৰা যুদ্ধ জাহাজ তাৰিণীয়ে ভ্ৰমণ সামৰি দেশলৈ উভতি আহে৷ দেশৰ প্ৰতিৰক্ষা মন্ত্ৰী নিৰ্মলা সীতাৰমণে তাৰিণীৰ সৈতে জৰিত থকা নৌ-সেনাৰ মহিলা বিষয়াক সাক্ষাৎ কৰে আৰু শুভেচ্ছা যাচে৷  ২০১৭ চনৰ ১০ ছেপ্তেম্বৰত যাত্ৰা কৰা আইএনএছভি তাৰিণী সোমবাৰে দেশলৈ উভতি আহে৷ ২৫২ দিনত ২১ হাজাৰ ৬০০ মাইল ভ্ৰমি সোমবাৰে গোৱাৰ তিৰত উপস্থিত হয় তাৰিণী৷

৫৫ ফুট দৈৰ্ঘ্যৰ তাৰিণী নেতৃত্ব দিছিল কৰ্ণেল ভাৰ্তিকা যোশীয়ে৷ ২৫২ দিনত জাহাজ খনে ৫টাকৈ বন্দৰ সামৰি লৈছিল৷ সম্পূৰ্ণ মহিলাই পৰিচালনা কৰা তাৰিণীত ৬ গৰাকী মহিলা ক্ৰু আছিল৷ ইয়াক এক প্ৰত্যাহ্বান হিচাপে গ্ৰহণ কৰা বুলি নৌসেনাৰ মুখপাত্ৰ কেপ্তেন ডি শৰ্মাই কয়৷ সমুদ্ৰত নানা বাধা অতিক্ৰম কৰাৰ প্ৰত্যাহ্বান আছিল বুলি কৈ আমি সফল বুলি কয়৷ মহিলা কামাণ্ডাৰ প্ৰতিভা জামওৱাল, স্বাতী পি, ঐশ্বৰ্য বোদ্দাপাট্টী, এছ বিজয়া দেৱী, পায়েল গুপ্তাই আছিল ক্ৰু হিচাপে৷

এই অভিযানৰ নাম দিয়া হৈছিল ‘নবিকা সাগৰ পৰিক্ৰমা’৷ জাহাজ খনে অষ্ট্ৰেলিয়া, নিউজিলেণ্ড, ফকলেণ্ড, দক্ষিণ আফ্ৰিকা, মৰিচাচ ভ্ৰমণ কৰে৷