গুৱাহাটীঃ ড্ৰাগছ ব্যৱসায় কৰি এইবাৰ লতাশিল আৰক্ষীৰ জালত অসমীয়া চলচ্চিত্ৰৰ এজন অভিনেতা। উজান বজাৰ চাৰিআলিৰ সিদ্ধাৰ্থ এপাৰ্টমেণ্টৰপৰা গ্ৰেপ্তাৰ কৰা অসমীয়া চলচ্চিত্ৰ অভিনেতাজন হৈছে নিৰেণ শৰ্মা।
দেওবাৰে লতাশিল আৰক্ষীয়ে অভিনেতাজনৰ সংগী হিমাংশু হাজৰিকা, সিদ্ধাৰ্থ মেধী (মৰিগাঁও), মহেন্দ্ৰ নাথ, ইব্ৰাহিম আলি (উজনবজাৰ)ক ড্ৰাগছ ব্যৱসায়ৰ লগত জড়িত থকাৰ অভিযোগত গ্ৰেপ্তাৰ কৰিছে। উল্লেখ যে অভিনেতা নিৰেন শৰ্মাই 'হিয়া-দিয়া-নিয়া’, 'যৌৱনে আমনি কৰে’ আদি বহুকেইখন অসমীয়া চলচ্চিত্ৰত অভিনয় কৰিছিল।
গ্ৰেপ্তাৰ কৰা অভিনেতা নিৰেন শৰ্মাৰ এপাৰ্টমেণ্টৰপৰা লতাশিল আৰক্ষীয়ে উদ্ধাৰ কৰিছে ৪০ টা ড্ৰাগছৰ বটল। তাৰে ১১ টা ড্ৰাগছ ভৰ্তি বটল, দুটা ছিলিম, এখন চুৰীৰ লগতে কেইবাহাজাৰ টকা।
ইফালে আৰক্ষীয়ে ১৬৯/১৯ এক গোচৰ ৰুজু কৰি পাঁচোজন ড্ৰাগছ ব্যৱসায়ীকে আদালতত হাজিৰ কৰায়। আদলতে ড্ৰাগছ সৰবৰাহকাৰীকেইজনক ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰে।