♦ তিনিখন আসনতে পৰাজয় স্বীকাৰ কৰিলে মনি-দীপক-জাভেদে

গুৱাহাটীঃ অৱশেষত বিজেপিয়েও উদ্ধাৰ কৰিব নোৱাৰিলে অসম গণ পৰিষদক। বিজেপি ৰাজ্যিক সভাপতি ৰঞ্জিত দাসে কেইদিনমানৰ পূৰ্বে লোকসভাৰ নিৰ্বাচনত মিত্ৰতাত থকা পাছতো অগপ দলে প্ৰতিদ্বন্দ্বিতা কৰা তিনিখন লোকসভাৰ আসনৰ এখনতো জয়ী হ’ব নোৱাৰে বুলি কোৱা বাক্যশাৰী অৱশেষত শুদ্ধ প্ৰমাণিত কৰিলে ফলাফলে।

বিজেপিৰে মিত্ৰতা কৰি অংশীদাৰ হৈ কলিয়াবৰ, বৰপেটা আৰু ধুবুৰীৰ লোকসভাৰ সমষ্টিত আঞ্চলিক দলটোৱে থিয় কৰাইছিল ক্ৰমে দলটোৰ কাৰ্যকৰী সভাপতি কেশৱ মহন্তৰ ভাতৃ মনিমাধৱ মহন্ত, দলটোৰ জ্যেষ্ঠ নেতা কুমাৰ দীপক দাস আৰু জাভেদ ইছলামক।

প্ৰথম অৱস্থাত কলিয়াবৰৰ প্ৰাৰ্থী মনিমাধৱ মহন্ত আৰু বৰপেটা প্ৰাৰ্থী কুমাৰ দীপক দাসে প্ৰতিদ্বন্দ্বী কংগ্ৰেছৰ প্ৰাৰ্থী দুগৰাকীতকৈ যথেষ্ট ভোটত আগবাঢ়ি আছিল। সেই ছবিখনে দলটোৰ নেতৃত্বক প্ৰথম অৱস্থাত কিছু আনন্দ দিছিল যদিও শেষ পৰ্যায়ত কংগ্ৰেছ প্ৰাৰ্থী ক্ৰমে গৌৰৱ গগৈ আৰু আব্দুল খালেকৰ হাতত পৰাস্ত হ’বলগীয়া হয়। ইয়াৰ উপৰি আঞ্চলিক দলটোৰ ধুবুৰীৰ প্ৰাৰ্থী জাভেদ ইছলাম বিশেষ প্ৰতিদ্বন্দ্বিতালৈ নাহিল এইআইইউদিএফ প্ৰধান মৌলানা বদৰুদ্দিন আজমলৰ বিৰুদ্ধে।

উল্লেখ যে লোকসভাৰ নিৰ্বাচনৰ পূৰ্বে দলটোৰ তৃণমূল পৰ্যায়ৰ কর্মীসকলে বিজেপিৰ সৈতে মিত্ৰতা নকৰিবলৈ দলটোৰ শীর্ষ নেতৃত্বক আহ্বান জনাইছিল। কিন্তু আঞ্চলিক দলটোৰ শীর্ষ নেতৃত্বই তৃণমূল পৰ্যায়ৰ কর্মীসকলৰ কথা আওকাণ কৰি বিজেপিৰে মিত্ৰতা কৰাৰ পাছতে দলটোৰ তৃণমূল কর্মীসকলে দলটোৰ শীর্ষ নেতৃত্বৰ ওপৰত অসন্তুষ্টি ব্যক্ত কৰিছিল। 

সেই অসন্তুষ্টয়েই আজি দলটোৰ বিজয়ত প্ৰধান প্ৰতিবন্ধক হিচাপে বিবেচিত হৈছে বুলি উল্লেখ কৰিছে দলটোৰ একাংশ তৃণমূল কর্মীয়ে।

আনহাতে ভোটগণনা চলি থকাৰ সময়ছোৱা সময়ত আজি অগপ মুখ্যকাৰ্যলয়ত দেখা পোৱা নগ’ল দলটোৰ শীর্ষ নেতৃত্বক। কেইজনমান দলটোৰ কর্মী বাহিৰে প্ৰায় নিমাওমাও পৰিৱেশ আঞ্চলিক দলটোৰ কাৰ্যলয়ত।