গুৱাহাটীঃ উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাত ১০০ শতাংশ উত্তীৰ্ণৰে পূৰ্বৰ গৰিমা অক্ষুন্ন ৰাখিলে গুৱাহাটীৰ কমাৰ্চ কলেজে। 

২০১৯ বর্ষৰ উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাত বাণিজ্য মহাবিদ্যালয়খনত উত্তীৰ্ণৰ হাৰ ১০০ শতাংশ। উল্লেখ যে বাণিজ্য শাখাৰ মহাবিদ্যালয়খনৰপৰা এইবাৰ উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাত অৱত্তীৰ্ণ হৈছিল ৪৩৪ গৰাকীৰ পৰীক্ষাৰ্থী। উত্তীৰ্ণ হৈছে আটাইকেইগৰাকী ছাত্ৰ-ছাত্ৰীয়ে। 

তাৰে তিনিগৰাকীকৈ মেধাৱীয়ে বাণিজ্যিক শাখাত ৰাজ্যৰ ভিতৰতে শীর্ষ দহত স্থান লাভ কৰাৰ লগতে ষ্টাৰ মাৰ্ক লাভ কৰিছে ৮৯ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে। ইয়াৰ উপৰি প্ৰথম বিভাগত উত্তীৰ্ণ হৈছে ২৯৫ গৰাকী, দ্বিতীয় বিভাগত উত্তীৰ্ণ হৈছে ১১০ গৰাকী আৰু তৃতীয় বিভাগত উত্তীৰ্ণ হৈছে ২৯ গৰাকী ছাত্ৰ-ছাত্ৰী। 

উল্লেখ যে ২০১৮ বর্ষত বাণিজ্য মহাবিদ্যালয়খনৰপৰা ৪২৭ গৰাকী ছাত্ৰ-ছাত্ৰী। সেই বর্ষত উত্তীৰ্ণ হৈছিল ৪২২ গৰাকী ছাত্ৰ-ছাত্ৰী। সেই বর্ষত উত্তীৰ্ণৰ হাৰ আছিল ৯৮.৮ শতাংশ।