গুৱাহাটীঃ প্ৰযুক্তিবিদ্যাৰ দ্ৰুত সম্প্ৰসাৰণৰ লগে লগে ৰাজ্যত এতিয়া বৃদ্ধি পাইছে কাৰিকৰী শিক্ষাৰ চাহিদা। প্ৰতিবছৰে ৰাজ্যৰ হাজাৰ হাজাৰ নিবনুৱাই কাৰিকৰী শিক্ষাৰ গ্ৰহণৰ বাবে অসম চৰকাৰৰ দক্ষতা, নিয়োগ আৰু উদ্যমিতা বিভাগৰ অধীনত থকা আইটিআইসমূহত প্ৰ-পত্ৰ পূৰণ কৰে। 

কিন্তু প্ৰায়ে অভিযোগ উঠে প্ৰ-পত্ৰৰ পূৰণ কৰা অধিকাংশ ছাত্ৰ-ছাত্ৰীয়ে আইটিআই প্ৰতিষ্ঠানত নামভৰ্তি কৰিবলৈ সুবিধা নাপায়। ফলত প্ৰতি বছৰে ৰাজ্যৰ বহু ছাত্ৰ-ছাত্ৰীৰ কাৰিকৰী শিক্ষা গ্ৰহণৰ প্ৰতি আগ্ৰহ থকাৰ পাছতো নামভৰ্তি কৰিবলৈ সুবিধা নোপোৱাৰ বাবে বঞ্চিত হয় কাৰিকৰী শিক্ষা গ্ৰহণৰপৰা।

কাৰণ বৰ্তমান সময়ত অসমত চৰকাৰী আৰু চৰকাৰৰ অধীনৰ যিমান সংখ্যক আইটিআই প্ৰতিষ্ঠান আছে সেই সমূহত থকা আসনৰ সংখ্যা ছাত্ৰ-ছাত্ৰীৰ সংখ্যাৰ তুলনাত যথেষ্ট কম। এই তথ্য অসম চৰকাৰৰ দক্ষতা, নিয়োগ আৰু উদ্যমিতা সঞ্চালকালয়ৰ এক বিশেষ সূত্ৰৰ।

সূত্ৰটোৱে জানিবলৈ দিয়া অনুসৰি বৰ্তমান অসমত ২৯ খন চৰকাৰী আৰু ৪২ খন চৰকাৰৰ অধীনৰ বে-চৰকাৰীৰ আইটিআই প্ৰতিষ্ঠান আছে। তাৰে ২৯ খন চৰকাৰীৰ প্ৰতিষ্ঠানত আসনৰ সংখ্যা ৯৮৫২ খন আৰু ৪২ খন বেচৰকাৰী প্ৰতিষ্ঠানৰ আসনৰ সংখ্যা ৪৭২১ খন। অৰ্থাৎ সকলো মিলাই ৰাজ্যত বৰ্তমান আইটিআই প্ৰতিষ্ঠানৰ আসনৰ সংখ্যা মাত্ৰ ১৪,৫৭৩ খন। যিটো ৰাজ্যখনৰ বাবে আজিৰ তাৰিখত যথেষ্ট কম।

আনহাতে সূত্ৰটোৱে জানিবলৈ দিয়া অনুসৰি ৰাজ্যৰ অধিকাংশ চৰকাৰীৰ আইটিআই প্ৰতিষ্ঠানৰ আজি তাৰিখত আন্তঃগাঁথনি অতি নিম্নমানৰ। আনহে নালাগে ২৯ খন চৰকাৰীৰ আইটিআই প্ৰতিষ্ঠানৰ অধিকাংশতে আজি ব্যৱহাৰিক প্ৰশিক্ষণৰ বাবে প্ৰয়োজনীয় যন্ত্ৰ-পাতিও নাই। ফলত চৰকাৰী আইটিআই প্ৰতিষ্ঠানৰ অধিকাংশ ছাত্ৰ-ছাত্ৰীয়ে বিভিন্ন আইটিআই বিভিন্ন ট্ৰেডৰ ডি’প্লমা লৈ ওলাই যায় যদিও ব্যৱহাৰিক পাঠ্যক্ৰমৰ জ্ঞানৰপৰা ছাত্ৰ-ছাত্ৰীসকল প্ৰায় বঞ্চিত হয়। 

ফলত নিয়োগ লাভৰ বেলিকা চৰকাৰীৰ প্ৰতিষ্ঠানৰ ছাত্ৰ-ছাত্ৰীতকৈ চৰকাৰৰ অধীনৰ বে-চৰকাৰী প্ৰতিষ্ঠানৰ ছাত্ৰ-ছাত্ৰীসকলে অধিক নিয়োগ লাভ কৰে।

ইয়াৰ উপৰি বিশেষ সূত্ৰৰ খবৰ অনুসৰি ২০১২ চনৰপৰা ৰাজ্যৰ চৰকাৰীৰ আইটিআই প্ৰতিষ্ঠানসমূহত খালী হৈ আছে কৰ্মচাৰীৰ অধিকাংশ পদ। তাৰ ভিতৰত তৃতীয় বৰ্গৰ ১৩৭ টা, চতুৰ্থ বৰ্গৰ ১৩৮ টা, অধীক্ষক ৫ টা আৰু সহকাৰী নিয়োগ বিষয়া ৩ টাকৈ পদ খালী হৈ আছে। 

গুৰুত্বপূৰ্ণ কথা এই যে খালি হৈ থকা তৃতীয় বৰ্গৰ একাংশৰ পদ আইটিআই প্ৰতিষ্ঠানৰ বিভিন্ন বিভাগৰ প্ৰশিক্ষকৰ। ইয়াৰ উপৰি তৃতীয় বৰ্গ আৰু চতুৰ্থ বৰ্গত খালী হৈ থকা পদসমূহ হৈছে জুনিয়ৰ ষ্টেনগ্ৰাফাৰ, ড্ৰেজাৰ, টেকনিকেল এচিষ্টেণ্ট, ফাৰ্মাচীছত, ষ্টৰ কিপাৰ, পিয়ন, চকীদাৰ আদি। ইফালে এই খালী পদসমূহ পূৰণৰ বাবে ডেৰ মাহৰ পূৰ্বে সঞ্চালকালয় কাৰ্যলয়ৰপৰা ৰাজ্য চৰকাৰলৈ অনুমতি বিচাৰি ফাইল প্ৰেৰণ কৰা হৈছে কিন্তু আজি পৰ্যন্ত ৰাজ্যৰ চৰকাৰৰপৰা নিযুক্তিৰ অনুমতি লাভ কৰা নাই সঞ্চালকালয় কাৰ্যলয়ে।

ইফালে গুৰুত্বপূৰ্ণ কথা এই যে ২০১৯-২০ বর্ষ নতুন পাঠ্যক্ৰমৰ বাবে ইতিমধ্যে প্ৰ-পত্ৰ পূৰণৰ কাম সমাপ্ত হৈছে। আৰু কিছুদিনৰ পাছতে আৰম্ভ হ’ব নতুন পাঠ্যক্ৰম৷ কিন্তু ৰাজ্য আইটিআই প্ৰতিষ্ঠানসমূহৰ খালী পদসমূহ আজি পৰ্যন্ত পূৰণৰ বাবে ৰাজ্যৰ সোণোৱাল চৰকাৰে কোনো ব্যৱস্থা গ্ৰহণ নকৰাত এতিয়া বিপাঙত পৰিছে আগ্ৰহী ছাত্ৰ-ছাত্ৰীসকলৰ অভিভাৱকৰ লগতে আইটিআই প্ৰতিষ্ঠানসমূহ।

লক্ষণীয় কথা এই যে কেৱল আইটিআই প্ৰতিষ্ঠানসমূহতে যে পদ খালী হৈ আছে তেনে নহয়, এতিয়া পদ খালী হৈ আছে খোদ বিভাগটোৰ মহানগৰীৰ ৰিহাবাৰীস্থিত সঞ্চালকালয় কাৰ্যলয়তে। কাৰ্যলয়টোত বৰ্তমান সময়ত হেড কোৱাটাৰ জুনিয়ৰ এচিষ্টেণ্ট ১৯ টা, ষ্টেনোগ্ৰাফাৰ ২ টা, গাণনিক সহায়ক ১ টা আৰু চতুৰ্থ বৰ্গৰ ১৮ টা পদ খালী হৈ আছে। কিন্তু পদসমূহ পূৰণৰ বাবে আজিলৈকে কোনো গুৰুত্ব দিয়া নাই অসম চৰকাৰৰ দক্ষতা, নিয়োগ আৰু উদ্যমিতা বিভাগৰ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী।

ইফালে বিভাগটোৰ এই সমূহ পদ খালী থকাৰ সময়তে পদসমূহ পূৰণ কৰাৰ বাবে অসম চৰকাৰে কোনো ব্যৱস্থা গ্ৰহণ নকৰি পুনৰ ঠিকাভিত্তিক কৰ্মচাৰীৰ নিযুক্তিৰে নতুনকৈ পাঁচখন মিনি আইটিআই খোলাৰ বাবে ব্যবস্থা কৰিছে। অসমৰ দুধনৈ, পাঠশালা, তিতাবৰ, লাহোৱাল আৰু গোলোকগঞ্জত। উক্ত পাঁচখন মিনি আইটিআইত ১৭০ গৰাকীৰ তৃতীয় আৰু চতুৰ্থ বৰ্গ কৰ্মচাৰী আৰু পাঁচ গৰাকীৰ অধীক্ষক অসম চৰকাৰে ঠিকাভিত্তিক নিযুক্তি দিয়াৰ বাবে প্ৰস্তুতি চলাইছে। 

আনহাতে ছাত্ৰ-ছাত্ৰীসকলৰ ভৱিষ্যতৰ কথা চিন্তা কৰি আইটিআই সংখ্যাৰ বৃদ্ধি কৰাৰ  প্ৰদক্ষেপক সচেতন ৰাইজে আদৰণি জনাইছে যদিও সহজভাৱে ল’ব পৰা নাই বৰ্তমান চলি থকা আইটিআই প্ৰতিষ্ঠান কেইখনৰ দুৰ্বল আন্তঃগাঁথনি আৰু কৰ্মচাৰীৰ পদ খালি প্ৰসংগটো।

ছাত্ৰ-ছাত্ৰীসকলৰ লগতে অভিভাৱক আৰু সচেতন ৰাইজৰ দাবী সোণোৱাল চৰকাৰৰ দক্ষতা, নিয়োগ আৰু উদ্যমিতা বিভাগে নতুন আইটিআই স্থাপন কৰাৰ পূৰ্বে খালী হৈ থকা আইটিআইসমূহৰ কৰ্মচাৰীৰ পদসমূহ পূৰণ কৰি ছাত্ৰ-ছাত্ৰীসকলৰ দক্ষতা বৃদ্ধি কৰাত অধিক গুৰুত্ব দিব লাগে।