গোৱালপাৰাঃ গোৱালপাৰা জিলা প্ৰাথমিক শিক্ষক সন্মিলনীয়ে জিলা স্কুলসমূহৰ পৰিদৰ্শকৰ কাৰ্যালযত আজি দিনৰ ১১ বজাত ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰে৷

সপ্তম দৰমহা আয়োগৰ প্ৰতিবেদন অনুসৰি প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষকসকলে তেওলোকৰ প্ৰাপ্য গ্ৰেড পে শীঘ্ৰে মোকোলাই দিয়া আৰু জিলাখনৰ শিক্ষাখণ্ডৰ  একাংশ বিষয়া কৰ্মচাৰীৰ হেমাহিৰ বাবেই এপ্ৰিল মাহৰ দৰমহাৰ পৰা বঞ্চিত হোৱাৰ অভি়যোগ তুলি আজি এই ধৰ্ণা কাৰ্যসূচী পালন কৰে৷

ধৰ্ণা কাৰ্যসূচীৰ জৰিয়তে বিভিন্ন শ্লোগানেৰে উত্তাল কৰি তোলে ৷ গোৱালপাৰা জিলা প্ৰাথমিক শিক্ষক সন্মিলনীৰ সম্পাদক তথা অসম ৰাজ্যিক প্ৰাথমিক সন্মিলনীৰ সহ সম্পাদক  অখিল নাথকে ধৰি প্ৰায় আটাইকেইজন বিষয়ববীয়া উপস্থিত থাকে।

ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীৰ সহ সম্পাদক অখিল নাথে উদাত্ত কণ্ঠৰে ক্ষোভ প্ৰকাশ কৰি কয় যে গোৱালপাৰা জিলাৰ চাৰিটা প্ৰাথমিক শিক্ষা খণ্ডৰ আটাইকেইটা শিক্ষা বিষয়াই সাধাৰণ কেৰাণীসকলৰ  নিৰ্দেশত উঠা-বহা কৰে।

জিলা প্ৰাথমিক শিক্ষা খণ্ডৰ কাৰ্যালয়ৰ সাধাৰণ এজন কৰ্মচাৰীৰ নিৰ্দেশত একোজন খণ্ড প্ৰাথমিক শিক্ষা বিষয়া চলি থকাটো অতি লজ্জাজনক কথা বুলি তেওঁ অভিহিত কৰে। তেওঁ লগতে কি কাৰণত আজিলৈকে জিলাখনৰ প্ৰাথমিক শিক্ষক-শিক্ষয়ত্ৰীসকলে দৰমহা পোৱা নাই তাৰো এটি নায়্যিক তদন্ত বিচাৰে।

অতি শীঘ্ৰে জিলাখনৰ শিক্ষক শিক্ষয়িত্ৰীসকলক দৰমহা আদায় দিবলৈ তেওঁ সজোৰে দাবী উত্থাপন কৰে। ইপিনে জিলাখনৰ  প্ৰাথমিক শিক্ষাখণ্ডৰ কাৰ্যালয়সমূহতো ধৰ্ণা কাৰ্যসূচী পালন কৰা হয় ৷