বালিপাৰাঃ শোণিতপুৰ জিলাৰ চাৰিদুৱাৰ আৰক্ষী থানাৰ অন্তৰ্গত খনামুখৰ সমীপৱৰ্ত্তী চিলনী নেপালী গাৱৰ এগৰাকী নবছৰীয়া নাবালিকাক এজন ৫৫ বছৰীয়া লোকে যৌন নিৰ্যাতন চলোৱাৰ  অভিযোগে অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। অভিযোগ মতে যোৱা ৯ মেৰ বিয়লি ৪ মান বজাত পৰিয়ালৰ আত্মীয়ৰ ঘৰত শিশুটিয়ে পুজাৰ প্ৰসাদ খাবলৈ যোৱাৰ সময়তে চিলনী বঙালী গাঁওৰ নিবাসী তথা দুগৰাকী পত্নী থকা অভিযুক্ত ঘনশ্যাম নৰহ (৫৫) নামৰ লোকজনে কিশোৰীগৰাকীক আগবঢ়াই থোৱা আৰু বিভিন্ন প্ৰলোভনেৰে নদীৰ পাৰৰ নিকতৱৰ্ত্তী হাবিলৈ লৈ যায়।

অভিযুক্তই নিৰ্যাতন চলাই কিশোৰী গৰাকীক অচেতন অৱস্থাত পেলাই থৈ যায়। কিছু সময় পাছত কিশোৰী গৰাকীয়ে চেতনা ঘূৰাই পোৱাত ঘৰলৈ আহি পৰিয়ালৰ লোকক বিষয়টি অৱগত কৰে আৰু পৰিয়ালৰ লোকে অভিযুক্ত ঘনশ্যাম নৰহৰ ওপৰত চাৰিদুৱাৰ আৰক্ষী থানাত এজাহাৰ দাখিল কৰে।

অৱশ্যে সম্প্ৰতি অভিযুক্ত নৰহ পলাতক অৱস্থাত। ঘটনা সন্দৰ্ভত অঞ্চলটোত এক উত্তেজনাময় পৰিস্থিতি বিৰাজ কৰিছে। ইফালে আজি বিয়লি ২ বজাৰ পৰা চিলনী বহুমুখী সমবায় মহিলা সমিতি আৰু বালিপৰা আঞ্চলিক মহিলা সমতা চচাইটিৰ উদ্যোগত আহ্বান কৰা সভাত দোষীক অনতিবিলম্বে আৰক্ষীয়ে কৰায়ত্ব কৰি কঠোৰতকৈ কঠোৰ শাস্তিৰ বাবে দাবী জনাইছে।

লগতে আগছু বালিপৰা আঞ্চলিক সমিতিয়ে এই ঘটনাক কঠোৰ ভাষাৰে নিন্দা কৰাৰ লগতে দোষীক উচিত শাস্তিৰ দাবী জনাইছে। ইতিমধ্যে চাৰিদুৱাৰ আৰক্ষীয়ে অভিযুক্ত লোকজনক বিচৰাৰ বাবে অভিযান তীব্ৰতৰ কৰি তুলিছে।