নগাঁওঃ ২০১০ চনৰ আগষ্টত ৰাজ্যখনৰ প্ৰাদেশীকৃত উচ্চ আৰু উচ্চতৰ মাধ্যমিক বিদ্যালয়সমূহত স্বচ্ছ আৰু মেধাৰ ভিত্তিত নিযুক্তি দিয়া প্ৰায় ৭ সহস্ৰাধিক ঠিকাভিত্তিক শিক্ষক ৰাজ্য চৰকাৰৰ শিক্ষা বিভাগৰ বৈষম্যৰ বলি হোৱাৰ চাঞ্চল্যকৰ অভিযোগ শেহতীয়াকৈ উত্থাপন হৈছে৷
যাৰ পৰিণতিত চাকৰি সম্পৰ্কীয় এক অনিশ্চিত ভৱিষ্যতৰ দিশে অগ্ৰসৰ হোৱাত এইসকল শিক্ষকে চৰম হতাশাত ভুগিবলগীয়া হৈছে৷ স্মৰ্তব্য, ২০১০ বৰ্ষত এখন উচ্চস্তৰীয় কমিটীৰ দ্বাৰা নিৰ্বাচিত কৰি ৰাজ্যৰ হাইস্কুলসমূহৰ গুণগত মান অধিক উন্নত আৰু সুস্থিৰ কৰি তোলাৰ লক্ষ্যৰে ইংৰাজী, সাধাৰণ বিজ্ঞান, গণিত আৰু বিজ্ঞান বিষয়ৰ বাবে নিযুক্তি দিয়া ঠিকাভিত্তিক এই শিক্ষকসকলক লৈ যেন তিলমানো উদ্বিগ্ন নহয় শিক্ষা বিভাগ৷
সম্পূৰ্ণ নিষ্ঠা আৰু দায়িত্বসহকাৰে সেৱা আগবঢ়াই অহা এই শিক্ষকসকলৰ ক্ষেত্ৰত লক্ষণীয়ভাবে ৰাজ্য চৰকাৰে দেখুৱাই অহা চৰম অনীহাৰ কথা উপলব্ধি কৰি শৈক্ষিক মহলতো আনকি ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱা দেখা গৈছে৷ প্ৰথমাৱস্থাত ৮ হাজাৰ টকাকৈ মাহিলি বেতন লাভ কৰা ঠিকাভিত্তিক এই শিক্ষকসকলৰ প্ৰতি ইতিবাচক মনোভাবেৰে ২০১২ চনৰ এপ্ৰিল মাহৰ পৰা তেতিয়াৰ শিক্ষামন্ত্ৰী তথা বৰ্তমানৰ বিজেপি চৰকাৰখনৰো শিক্ষা বিভাগৰ দায়িত্বত থকা মন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই মাহিলি বেতনৰ পৰিমাণ ১৫,৫০০ টকালৈ বৃদ্ধি কৰিছিল৷
আনকি তিনি-চাৰি মাহৰ মূৰে মূৰে হ’লেও প্ৰাপ্য দৰমহা লাভ কৰা এইসকল শিক্ষকে সেই সময়ছোৱাত প্ৰায় এবছৰ নিয়মীয়াকৈ দৰমহা লাভ কৰিছিল৷ কিন্তু আশ্চৰ্যজনকভাৱে ২০১২ বৰ্ষত হঠাতে শিক্ষক নিযুক্তিৰ ক্ষেত্ৰত শিক্ষকৰ যোগ্যতা নিৰূপণ পৰীক্ষা চমুকৈ 'টেট' অনুষ্ঠিত কৰি সকলোকে চমকিত কৰাৰ পিছত ঠিকাভিত্তিক এই শিক্ষকসকলৰ প্ৰতি শিক্ষামন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই মাহী আইৰ দৃষ্টিৰে চাবলৈ ধৰাত বৰ্তমান এইসকল শিক্ষকৰ জীৱনলৈ ঘোৰ অমানিশা নামি আহিছে৷
সম্প্ৰতি উচ্চ ন্যায়ালয়ৰ মজিয়াত বন্দী হৈ আছে এইসকল শিক্ষকৰ ভৱিষ্যৎ৷ ইফালে লক্ষণীয় বিষয়টো হ’ল ৩১ মাৰ্চতে চাকৰিৰ ম্যাদ উকলা এইসকল দুৰ্ভগীয়া শিক্ষকে কিন্তু এতিয়াও এক অনিশ্চয়তাৰ মাজত ককবকাই থাকিও পাঠদান কৰি থাকিবলগীয়া হৈছে৷ ইয়াৰ বিপৰীতে বিগত তিনিমাহ ধৰি শিক্ষাদান কৰি অহাৰ পিছতো মাহিলি পাৰিতোষিকৰ পৰা বঞ্চিত হৈ থকা এইসকল শিক্ষকৰ কথা নাভাবি শিক্ষামন্ত্ৰীগৰাকী নিমাতহে হৈ আছে৷
কাজেই আৰ্থিক নিৰাপত্তাৰ স্বাৰ্থত ঠিকাভিত্তিক এই শিক্ষকসকলে বিগত দিনবোৰত নানা প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰি অহাৰ পিছতো এইসকল দুৰ্ভগীয়া শিক্ষকৰ প্ৰতি শিক্ষামন্ত্ৰীগৰাকীয়ে কোনো ব্যৱস্থা গ্ৰহণ নকৰাত বৰ্তমান এইসকল শিক্ষকে চাকৰি নিয়মীয়া কৰা আৰু অৰ্থনৈতিক শোষণৰ পৰা মুক্তি পোৱাৰ দাবীত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন চৰকাৰখনৰ মুঠ ১২৬গৰাকী বিধায়কৰ প্ৰত্যেককে সুকীয়াকৈ স্মাৰক-পত্ৰ প্ৰদানৰ ব্যৱস্থা হাতত লৈছে বুলি জানিব পৰাৰ গৈছে৷