অপুৰ্ব বৰা,তেজপুৰঃ বৃহস্পতিবাৰে সৈনিক শিল্পী বিষ্ণু প্ৰসাদ ৰাভাৰ ৫০ সংখ্যক মৃত্যু দিৱস কেন্দ্ৰীয়ভাৱে অসম সাহিত্য সভাই উদযাপন কৰে তেজপুৰস্থিত ৰাভাৰ সমাধিস্থলত।
অসম সাহিত্য সভাৰ লগতে শোণিতপুৰ জিলা প্ৰশাসনেও এই কাৰ্যসূচীত অংশগ্ৰহণ কৰে। অনুষ্ঠানটোত সাহিত্য সভাৰ সভাপতি পৰমানন্দ ৰাজবংশী, ৰাজ্য সভাৰ প্ৰাক্তন সাংসদ কুমাৰ দীপক দাস, জিলা উপায়ুক্ত নৰসিং পৱাৰ উপস্থিত থাকে। এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত ৰাজবংশীয়ে সাংবাদিকৰে হোৱা মত বিনিময়ত অসম চৰকাৰক কলাগুৰুৰ সমাধিস্থলী উন্নত ৰূপত গঢ়ি তুলি পৰ্যটকৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দুলৈ ৰূপান্তৰিত কৰিবৰ বাবে দাবী জনায়৷
আনহাতে, বিষ্ণুপ্ৰসাদ ৰাভাৰ জ্যেষ্ঠ পুত্ৰ পৃথিৱীৰাজ ৰাভাই অসম সাহিত্য সভাক বিষ্ণুপ্ৰসাদ ৰাভাক অকল শিল্পী হিচাপেই নহয় এজন সাহিত্যিক হিচাপেও স্বীকৃতি প্ৰদান কৰিবৰ বাবে আহ্বান জনায়। বুঢ়া লুইতৰ কাষত ৰাভাৰ সমাধিস্থলত কেন্দ্ৰীয় ভাৱে অসম সাহিত্য উদযাপন কৰা ৰাভাৰ ৫০ সংখ্যক স্মৃতিত পংকজ বৰুৱাই সম্পাদনা কৰা "কলাগুৰু" নামৰ এখন স্মৃতি গ্ৰন্থ উন্মোচন কৰে সাহিত্য সভাৰ সভাপতি পৰমানন্দ ৰাজবংশী আৰু কলাগুৰুৰ জ্যেষ্ঠ পুত্ৰ পৃথ্বিৰাজ ৰাভাই।