তেজপুৰঃ আগন্তুক নিৰ্বাচন শান্তিপূৰ্ণ আৰু মুক্ত প্ৰক্ৰিয়াৰে নিয়াৰিকৈ অনুষ্ঠিত কৰাৰ বাবে শোণিতপুৰ জিলা তথা আৰক্ষী প্ৰশাসনে হাতত লোৱা ব্যাপক প্ৰচেষ্টাৰ অংশ হিচাপে শুকুৰবাৰে বৰঘাট আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া দীপজ্যোতি ভৰালীৰ তত্ত্বাৱধানত কলিয়াভোমোৰা দলংৰ সমীপত এখন মাৰুতী ৮০০ অ’ল্টো গাড়ীৰপৰা মুঠ ৬,৭২, ৮৩০ টকা নগদ ধন জব্দ কৰা হয়৷

গাড়ীচালকজনে উক্ত ধন তেজপুৰৰ এক ব্যৱসায়িক প্ৰতিষ্ঠানৰ বুলি দাবী কৰে যদিও তেনে কোনো তথ্য সম্বলিত নথি-পত্ৰ দেখাব নোৱাৰাৰ বাবে ধনখিনি জিলা উপায়ুক্তৰ দৃষ্টিগোচৰ কৰি তেজপুৰ কোষাগাৰলৈ প্ৰেৰণ কৰা হয়৷ 

জব্দ কৰা ধনৰাশি তেজপুৰ ৰাজহ চক্ৰ বিষয়া (সংলগ্ন) আকাশদীপ কাকতি, জিলা কোষাগাৰ বিষয়া তৰুণ শইকীয়া আৰু ফ্লায়িং স্কোৱাডৰ সদস্যৰ উপস্থিতিত গণনা কৰি জমা থোৱা হয়৷ ইতিমধ্যে ধনৰাশিৰ গৰাকীক প্ৰয়োজনীয় নথি যোগান ধৰিবলৈ নিৰ্দেশ দিয়া হৈছে৷

ভাৰতৰ নিৰ্বাচন আয়োগৰ নিৰ্দেশমৰ্মে নিৰ্বাচনৰ সময়ত পঞ্চাশ হাজাৰ বা তাতকৈ অধিক টকা অথবা দহ হাজাৰৰ অধিক মূল্যৰ উপহাৰ বহন কৰাৰ সময়ত তথ্য ভিত্তিক নথি লগত ৰখাটো বাঞ্চনীয়৷ 

তদুপৰি শোণিতপুৰ জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া ৰমেন মালাকাৰ, উন্নয়ন আয়ুক্ত ফাৰুক আলম আৰু কোষাগাৰ বিষয়াকে ধৰি নিৰ্বাচনৰ সময়ত জিলাখনত এনে জব্দকৃত নগদ ধন বা সমাগ্ৰী মুকলি কৰি দিয়াৰ বাবে এখন সমিতি গঠন কৰা হৈছে৷

সমিতিখনে প্ৰত্যেকটো এনে অভিযোগ পৰীক্ষা কৰি নিৰ্বাচন লগত জড়িত নথকা তথ্যভিত্তিক প্ৰমাণ সাপেক্ষে জব্দ কৰা সমাগ্ৰীসমূহ মুকলি কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিব৷