newsnextone.com | ডিজিটেল ডেস্কঃ তিব্বতি ধৰ্মগুৰু দলাই লামা অসুস্থ৷ সোমবাৰে এটা সৰ্বভাৰতীয় পৰ্যায়ৰ নিউজ ৱেবচাইটে তিব্বতি ধৰ্মগুৰু দলাই লামা অসুস্থ বুলি এক বাতৰি প্ৰচাৰ কৰাৰ পিছতে ধৰ্মগুৰুগৰাকীৰ ভক্ত সকলৰ মাজত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হয়৷ কিন্তু ইয়াৰ মাজতে তিব্বতি প্ৰশাসনে ধৰ্মগুৰুগৰাকীৰ অসুস্থতাৰ বাতৰি ভুৱা বুলি মন্তব্য কৰে৷

জানিব পৰা মতে, কেঞ্চাৰ ৰোগত আক্ৰান্ত হৈ আছে ১৪ তম দলাই লামা৷ বিগত দুবছৰ ধৰি মাৰ্কিন যুক্তৰাষ্ট্ৰত ধৰ্মগুৰু গৰাকীৰ চিকিৎসা চলি আছে৷ 

তাৰ মাজতে সোমবাৰে নিউজ ৱেবচাইটোৱে ধৰ্মগুৰুগৰাকী অধিক অসুস্থ হৈ পৰা বুলি বাতৰি প্ৰচাৰ কৰে৷ ধৰ্মগুৰু গৰাকীৰ অসুস্থতাৰ বিষয়ে ভাৰত আৰু চীন দুয়োখন দেশেই অবগত বুলিও দাবী কৰে ৱেবচাইটোৱে৷ 

আনফালে, জীৱনৰ ৮২ টা বসন্ত অতিক্ৰম কৰা দলাই লামাৰ স্বাস্থ্যক লৈ ভক্ত সকলৰ মাজত উদ্বিগ্নতাই বিৰাজ কৰা পৰিলক্ষিত হৈছে৷ দলাই লমাৰ স্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখি মাৰ্চ মাহতেই ধৰ্মগুৰুগৰাকীৰ ভাৰত ভ্ৰমণ বাতিল কৰাৰ বিবৃতি দিছিল তিব্বতি প্ৰশাসনে৷ 

ধৰ্মগুৰুগৰাকীৰ স্বাস্থ্যৰ অৱনতিৰ বিষয়ে ভাৰতীয় গোপন সূত্ৰইও কেন্দ্ৰীয় চৰকাৰক ৰিপোৰ্ট দিছিল বুলি দাবী কৰে নিউজ ৱেবচাইটটোৱে৷

দলাই লমাৰ উত্তৰাধিকাৰীক লৈও ভক্ত সকলৰ মাজত উৎসুকতা বৃদ্ধি পোৱা দেখিবলৈ পোৱা গৈছে৷ উল্লেখ্য যে, ৯০ বছৰ বয়সত দলাই লামাই নিজৰ উত্তৰাধিকাৰী সম্পৰ্কে ঘোষণা কৰিব বুলি খোদ ধৰ্মগুৰুগৰাকীয়ে মন্তব্য কৰিছিল৷ 

ইফালে, চীনে জোৰ কৰি উত্তৰাধিকাৰী বাচনি কৰাৰ চেষ্টা চলোৱা বুলিও অভিযোগ উত্থাপন কৰিছিল ধৰ্মগুৰুগৰাকীয়ে৷ 

ভাৰত-চীন কূটনৈতিক স্নায়ু যুদ্ধত দুয়োখ দেশৰ বাবে দলাই লমা এক গুৰুত্বপূৰ্ণ চৰিত্ৰ হিচাপে উপনীত হোৱা পৰিলক্ষিত হয়৷