গোৰেশ্বৰঃ বাগসা জিলাৰ গোৰেশ্বৰত স্বাস্থ্য সেৱাৰ নামত এতিয়াও চলি আছে ভেঁকোভাওনা। স্বাস্থ্যমন্ত্ৰীয়ে ৰাজ্যত স্বাস্থ্য সেৱাৰ উন্নতি হোৱা বুলি দম্ভালি মাৰি আহিছে যদিও গোৰেশ্বৰত এতিয়া সাধাৰণ ৰোগীৰ প্ৰাথমিক বহু অভাৱে দূৰ কৰিব পৰা নাই বিভাগটোৱে।
কিছুদিন ধৰি গৰমৰ মাত্ৰা বৃদ্ধি পোৱাত গ্ৰামাঞ্চলত বিভিন্ন ৰোগৰ প্ৰাদুৰ্ভাৱ দেখা দিয়াৰ পিছত চিকিৎসা সেৱা বিচাৰি গোৰেশ্বৰলৈ ঢাপলি মেলিছে ৰোগী আৰু ৰোগীৰ আত্মীয়ই। ১০৮ এম্বুলেঞ্চ সেৱা গোৰেশ্বৰত চলি আছে যদিও এই সেৱা যে ৰাইজৰ বাবে এতিয়াও সুলভ নহয় তাৰ প্ৰমাণ পোৱা গ'ল যোৱা দুটা দিনত।
১০৮ সেৱাক ফোন কৰি এম্বুলেঞ্চ নহাত দুখীয়া এইসকল লোকে ঠেলাৰে চিকিৎসালয়লৈ আনিব লগা হয় ৰোগীক। বিকশিত অসমত এতিয়া পৰিবৰ্তনৰ ঢৌ চলিছে যদিও একাংশই অৱশ্যে যাতায়াতৰ অসুবিধাৰ বাবে আৰু আন একাংশই ইনফৰমেচন টেকন’লজীৰ অজ্ঞতাৰ বাবেও এনে সেৱাৰ সুবিধা লাভ কৰাৰ পৰা বিৰত থাকে। কিন্তু সামগ্ৰিকভাবে গোৰেশ্বৰ অঞ্চলৰ পুতৌ লগা স্বাস্থ্য সেৱাই সকলোকে ভাবিবলৈ বাধ্য কৰিছে।
গোৰেশ্বৰ ৰাজহ চক্ৰ এলেকাৰ প্ৰায় তিনি লাখ লোকে এতিয়াও মাথোঁ দুই-তিনিজন চিকিৎসকৰ ওপৰতে নিৰ্ভৰ কৰিব লগা হয়। গোৰেশ্বৰস্থিত ত্ৰিশখন বিছনাযুক্ত চিকিৎসালয়লখন নামতহে চলি থকাৰ বিপৰীতে গোৰেশ্বৰ ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত কমসংখ্যক চিকিৎসকে চিকিৎসা সেৱা আগবঢ়াব লগা হৈছে।
এনে পৰিস্থিতিত উন্নত চিকিৎসাৰ বাবে গুৱাহাটীলৈ নিবলৈ অপাৰগ দুখীয়া ঘৰৰ ৰোগীৰ আত্মীয়ই ঠেলাকে সাৰথি কৰি চিকিৎসা সেৱা পাম বুলি গোৰেশ্বৰলৈ আহে। গোৰেশ্বৰৰ নিজকচুলা আদি গাঁৱৰ যাতায়ত ইমানেই বেয়া যে ৰোগীক চিকিৎসকৰ ওচৰলৈ আনিব লাগিলে ঠেলা, সাঙী বা দাংকোলাকৈ অনাৰ বাদে আন কোনো গত্যন্তৰ নোহোৱা হৈছে। এই অৱস্থাৰ কেতিয়া পৰিবৰ্তন হ'ব তালৈ বাট চাই থকাৰ বাহিৰে কাৰো যেন এতিয়া কৰিবলগীয়া একো নাই।