ইতিহাস ৰচি টকিঅ’ অলিম্পিকৰ পৰা উভতিব ভাৰতীয় হকী দল

টকিঅ’: ০৬ আগষ্ট: ছেমিফাইনেলত পদাৰ্পণ কৰি ইতিহাস ৰচা ভাৰতীয় মহিলা হকী দলে আজি পদকৰ পৰা বঞ্চিত হয় যদিওঁ সুন্দৰ খেলেৰে সকলোৰে মন জয় কৰিবলৈ সক্ষম হয়৷তীব্ৰ উত্তেজনাপূৰ্ণ এখন খেলত ছেমিফাইনেলত গ্ৰেট বৃটেইনৰ লগত ভাৰত ৪-৩ গ’লত পৰাস্ত হয়৷খেলৰ প্ৰথম কোৱাৰ্টাৰত বৃটেইন ০-২ গ’লত আগবাঢ়ি থাকে৷দ্বিতীয় কোৱাৰ্টাৰত ভাৰতে ৩ গ’ল দি খেলখনত ৩-২ গলত অগ্ৰগতি লাভ কৰিবলৈ সক্ষম হয়৷তৃতীয় আৰু চতুৰ্থ কোৱাৰ্টাৰত ভাৰতৰ ৰক্ষণবিভাগক তীব্ৰ আক্ৰমণ কৰি বৃটেইনে ৪-৩ গ’লত ভাৰতক পৰাস্ত কৰি ব্ৰঞ্জৰ পদক নিশ্চিত কৰে৷পৰাজিত হৈ পদক বঞ্চিত হলেওঁ এইবাৰৰ খেলে ভাৰতীয় মহিলা হকী দলটিক ইতিহাস ৰচাৰ সুযোগ দিলে৷ভাৰতে পোনপ্ৰথমবাৰৰ বাবে মহিলা হকীত ছেমিফাইনেলত প্ৰৱেশ কৰাৰ গৌৰৱ অৰ্জন কৰে৷

আনখন খেলত মল্লযোদ্ধা বজৰংগী পুনিয়াই ছেমিফাইনেলত প্ৰৱেশ কৰে৷