নগাঁওঃ নগাঁও জিলাৰ বটদ্ৰৱা অঞ্চলৰ এজন প্ৰকৃতিপ্ৰেমী শিক্ষক৷ নাম তেওঁৰ গিৰিশ বৰুৱা৷ সম্প্ৰতি সমগ্ৰ ৰাজ্যতে অব্যাহত থকা লকডাউনৰ সময়ছোৱাত তেওঁ ভাবি উলিয়ালে এক ব্যতিক্ৰমী চিন্তা৷
এতিয়া মন-প্ৰাণ হৰি নিয়া বহাগৰ বতৰ, তাতেই আকৌ বৰষুণ৷ তদুপৰি কুলি-কেতেকীৰ হিয়া জুৰোৱা বিননীৰ সমান্তৰালকৈ নাহৰ ফুলাৰ বতৰ৷ সেয়ে প্ৰকৃতিপ্ৰেমী শিক্ষকজনে লকডাউনৰ সময়ছোৱাত ঘৰতে এনেই সোমাই নাথাকি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ পবিত্ৰ ওপজা ভূমিত নাহৰ পুলি ৰোপন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে৷