মাৰ্ঘেৰিটাঃ অসমৰ প্ৰবীন ৰাজনীতিবিদ অসমৰ চাহ জনগোষ্ঠীক ৰাজনৈতিক ভাৱে সুদীৰ্ঘ কাল ধৰি নেতৃত্ব দিয়া ভাৰতীয় চাহ মজদুৰ সংঘ, সৰ্ব ভাৰতীয় মজদুৰ কংগ্ৰেছৰ জ্যেষ্ঠ নেতা তথা ডিগবৈ বিধান সভা সমষ্টিক ৩৮ বছৰ ধৰি ৮ বাৰকৈ প্ৰতিনিধিত্ব কৰা প্ৰাক্তন বিধায়ক তথা মন্ত্ৰী ৰামেশ্বৰ ধানোৱাৰৰ আজি পুৱা অসম চিকিৎসা মহাবিদ্যালয়ত মৃত্যু হয়৷

দীৰ্ঘদিনীয়া অসুস্থতাৰ ফলত চিকিৎসাধীন হৈ থকাৰ অৱস্থাত দেহাৱসান ঘটে প্ৰবীন কংগ্ৰেছী নেতা জনৰ ৷ ধানোৱাৰৰ মৃত্যুত আসাম প্ৰেছ কৰেছপণ্ডেন্টছ্ ইউনিয়নৰ কেন্দ্ৰীয় সভাপতি মনোজ সিং, কাৰ্য্যকৰী সভাপতি মৌচমজ্যোতি বৈশ্য, সম্পাদক প্ৰধান হেমন্ত শইকীয়া, তিনিচুকীয়া জিলা সমিতিৰ হৈ সভাপতি ৰবীন মৰাণ আৰু সম্পাদক মনোৰঞ্জন নেওঁগ তথা মাৰ্ঘেৰিটা মহকুমা সমিতিৰ সভাপতি বিনন্দ কোঁৱৰ, সম্পাদক ৰূপম বৰুৱাই গভীৰ শোক প্ৰকাশ কৰিছে৷

ডিগবৈ বিধান সভা সমষ্টিৰ বৰ্তমানৰ বিধায়ক সুৰেণ ফুকন, মাৰ্ঘেৰিটা বিধান সভা সমষ্টিৰ বৰ্তমানৰ বিধায়ক ভাস্কৰ শৰ্মা, মাৰ্ঘেৰিটা সমষ্টিৰ প্ৰাক্তন বিধায়ক তথা মন্ত্ৰী প্ৰদ্যুত বৰদলৈ, তিনিচুকীয়া জিলা সাংবাদিক সন্থা, ডিগবৈ প্ৰেছ ক্লাৱ, অসম সাহিত্য সভাৰ আগন্তুক ৭৪তম বুঢ়ীদিহিং-বৰডুমচা অধিৱেশনৰ আদৰণি সমিতিৰ হৈ মূখ্য সম্পাদক মোহন মৰাণ, লিডুত অনুষ্ঠিত হবলগীয়া অসম সাহিত্য সভাৰ কেন্দ্ৰীয় শতবৰ্ষীয় কাৰ্য্যসূচী 'কুঁহি' উদযাপন সমিতিৰ সম্পাদক ৰাণাজ্যোতি নেওগ আদি বিভিন্ন দল-সংগঠনেও গভীৰ শোক প্ৰকাশ কৰাৰ লগতে পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰে৷