মই আকৌ উভতি আহিছোঁ। চিনাকি মোৰ ঘৰলৈ। মই জিৰণি বিচাৰি আহিছোঁ। পদূলিৰ বকুল তললৈ…

এই কথা নিচেই চিনাকি। এই সুৰ তেনেই আপোন । বকুলে যাক মায়াৰে বান্ধি ৰাখিলে, যিয়ে আমাৰ সঘন বকুল গমন সম্ভৱ কৰি তুলিলে। তেওঁ যে আমাৰ আত্মাৰ অটলত। তেওঁ তফজ্জুল আলী। প্ৰিয় তফা। আজি তেওঁৰ মৃত্যু বাৰ্ষিকীত আমি ‘নিউজ নেক্সট্‌ ওৱান’-এ জনাইছো শ্ৰদ্ধাৰ্ঘ।

অসমীয়া গীতি সাহিত্যক ধ্ৰুপদী ৰূপ দি এক নতুন উন্মাদনাৰ সৃষ্টি কৰা খ্যাতি শীৰ্ষ, প্ৰাত:স্মৰণীয় গীতিকাৰগৰাকীয়ে সমাজ জীৱনক দি থৈ গৈছে এক অফুৰন্ত গতি। কি সেই গতি? সেই গতি গানৰ গতি।

সংগীতৰ প্ৰকৃত মাধুৰ্যক মানুহৰ প্ৰাণে প্ৰাণে দ’কৈ বোৱাই নি যতি নপৰাকৈ গানক তেওঁ দি থৈ গৈছে এই দুৰ্নিবাৰ আৰু মনোৰম গতি। আৰু এই নান্দনিক প্ৰক্ৰিয়াটোত সংযোজন হৈছিল আন দুটি প্ৰাজ্ঞ নাম ড: বীৰেন্দ্ৰনাথ দত্ত আৰু জ্যোতিৰ্ময় কাকতি। আৰু এই তিনিওগৰাকী বৰেণ্য ব্যক্তিত্বই অসমীয়া সংগীতৰ ‘ত্ৰিমূৰ্তি’।

এই ‘ত্ৰিমূৰ্তি’ৰ তফাৰ মন কাটি যোৱা অব্যৰ্থ কথা আৰু ড: দত্ত আৰু কাকতিৰ অভিনৱ সুৰ আৰু কণ্ঠই আলোড়িত কৰি ৰাখিছে অসমীয়া সংগীত। সময়তকৈ আগত চিন্তা কৰি আধুনিক মননেৰে গঢ় দিয়া এই সংগীত সুষমা কাললৈ সেউজ।

অবিভক্ত দৰঙৰ টংলাত থাকোতেই শৈশৱত বিষ্ণুপ্ৰসাদ ৰাভাৰ পৰা চমু কালৰ বাবে সংগীতৰ শিক্ষা লৈ আজীৱন গানৰ হকে জীৱনক বিস্তাৰিত কৰা শান্ত- সমাহিত- ধীমান তফজ্জুল আলী অবিহনে অসমীয়া গীতি সাহিত্য সমৃদ্ধ নহয়।

গান যাৰ প্ৰাণ, তেওঁ কৈছে কি? যে কৈছে- ‘তুমি অহা বাটে আহে যে মোৰ ভগৱান, সেয়েহে তোমাক শুনাব খুজিছোঁ গান’। ইমান সজভাৱে স্বীকাৰোক্তি দি জীৱনক উদ্বুদ্ধ কৰিব পৰাটোৱেই আছিল সহজ তফাৰ মননশীল চিত্তৰ পূৰ্ণ প্ৰকাশ। সেয়েহে আমাৰ চিত্তত নিৰন্তৰে বাজি থাকে ভাবুক বাঁহীৰ সুৰ একেটি হৈ- ‘বহুদিন বকুলৰ গোন্ধ পোৱা নাই, বহুদিন বকুলৰ মালা গঁথা নাই…’