newsnextone.com | ডিজিটেল ডেস্কঃ চুবুৰীয়া ৰাজ্য ত্ৰিপুৰাত আবতৰীয়া বানত এতিয়ালৈকে ৬ গৰাকী লোকৰ মৃত্যু হৈছে৷ বিগত প্ৰায় ৫০ ঘণ্টা ধৰি নেৰানেপেৰা বৰষুণ দি থকাৰ ফলত বহু অঞ্চল জলমগ্ন হৈ পৰাৰ ফলত হাহকাৰ পৰিস্থিতিৰ সৃষ্টি হয়৷ গৃহহাৰা হৈ ১৭,৮৪০ জন লোক শিবিৰত থাকিব লগা হয়৷ 

সোমবাৰে খোদ মুখ্যমন্ত্ৰীয়ে বানপীড়িত অঞ্চল ভ্ৰমণ কৰি বান সাহায্য ঘোষণা কৰে৷ বানত প্ৰাণ হেৰুওৱা লোকৰ পৰিয়ালক ৫ লাখ আৰু ঘৰ বৰ নষ্ট হোৱা পৰিয়ালক ১ লাখকৈ টকা দিয়াৰ কথা ঘোষণা কৰে মুখ্যমন্ত্ৰীয়ে৷ ৰাজধানীৰ সমীপৰ বনমালী অঞ্চল ভ্ৰমণ কৰিছিল মুখ্যমন্ত্ৰীয়ে৷

ৰাজ্য চৰকাৰে এতিয়ালৈ ৬গৰাকী লোকৰ মৃত্যু হোৱা বুলি নিশ্চিত কৰে৷ আন তিনিগৰাকী লোকে মৃত্যুৰ সৈতে যুঁজি থকা বুলি খবৰ আহিছে৷ চৰকাৰে প্ৰায় ৮০টা শবিৰত ১৭,৮৪০ গৰাকী লোকক ৰখাৰ ব্যৱস্থা কৰে৷

ৰাজধানী আগৰতলাৰ বহু অঞ্চল প্লাৱিত হয়৷ নেৰানেপেৰা বৰষুণৰ ফলত পশ্চিম ত্ৰিপুৰাৰ খোওৱাই, গোমটী জিলা বেছিকৈ ক্ষতিগ্ৰস্ত হয়৷ গোমতী নৈ ফেনে ফোটোকাৰে বাঢ়ি অহাত নিশাৰ ভিতৰতে বহু অঞ্চল ডুবাই পেলায়৷