ডিজিটেল ডেস্কঃ ম্যানমাৰ সেনাই ৰোহিংগীয়াৰ ওপৰত চলোৱা অত্যাচাৰৰ ভিডিঅ’ ক্লিপ সম্পাদনা কৰি প্ৰচাৰ কৰি শিৰৰ মুকুট উভতাই দিব লগা হ’ল ম্যানমাৰৰ সুন্দৰীয়ে৷ ম্যানমাৰত ৰোহিগীয়া মুছলমানক চলোৱা অত্যাচৰৰ বাবে বিশ্বত খলকনিৰ সৃষ্টি কৰাৰ সময়তে বিউটি কুইনৰ শিৰৰ মুকুট কাঢ়ি নিয়াৰ ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ জানিব পৰা মতে, ম্যানমাৰৰ বিউটি কুইন চ্যেৱে য়েন চ্যিয়ে নিজৰ ফেচবুক টাইমলাইনত এটি ভিডিঅ প’ষ্ট কৰে৷

১৯ বছৰ বয়সতে 'Miss Grand Myanmar' খিতাপ অৰ্জন কৰা চ্যিয়ে ম্যানমাৰ সেনাই চলোৱা বৰ্বৰ অত্যাচাৰৰ ছুটি ছুটি ভিডিঅ’ ক্লিপ সম্পাদনা কৰি ফেচবুক টাইমলাইনত পোষ্ট কৰিছিল৷ ভিডিঅ’টো চৰ্চালৈ অহাৰ লগতে চৰকাৰকো শৈলঠেকত পেলাব পাৰে বুলি আগতীয়া উমান পাই ম্যানমাৰ চৰকাৰে মিছ ম্যানমাৰৰ মুকুট কাঢ়ি নিয়ে৷

খিতাপ কাঢ়িনিয়াৰ পিছত পুনৰ চৰ্চালৈ আহে ভিডি’অটো৷ জানিব পৰা মতে, ভিডি’অটোত আছিল ৰোহিংগীয়া মুছলমানৰ ওপৰত ম্যানমাৰৰ সেনাই চলেৱা অত্যাচাৰৰ গ্ৰাফিক ভিডি’অ৷ আনহাতে, চ্যেৱে এই প’ষ্টটোৰ ভিত্তিত ম্যানমাৰ চৰকাৰে শিৰৰ মুকুট কাঢ়ি নিয়াৰ কথা তেওক জনোৱা হোৱা নাই৷

সুন্দৰী প্ৰতিযোগিতাৰ অনুষ্ঠানত উপস্থিত থকাৰ সময়তহে গ’ম পাই যে এই ভিডি’অ প’ষ্ট কৰাৰ অপৰাধত তেওঁ অৰ্জন কৰা মুকুট কাঢ়ি নিয়া হয়৷ সুন্দৰীগৰাকীয়ে চুক্তি উলংঘন কৰাৰ ফলত এই পদক্ষেপ গ্ৰহণ কৰা বুলি কয় ম্যানমাৰ চৰকাৰে৷ ম্যানমাৰ চৰকাৰে এই পদক্ষেপ লোৱাৰ পিছতে ২০১৭ চনৰ মিছ ম্যানমাৰগৰাকীয়ে শীঘ্ৰে চৰকাৰক খিতাপ উভতাই দিব লাগিব৷