কমলপুৰ/বাইহাটা চাৰিআলিঃ কামৰূপ জিলাৰ ৰঙিয়া মহকুমা আৰক্ষীয়ে আজি বিশ্বনাথৰ পৰা অপহৃত এখন ট্ৰাক উদ্ধাৰ কৰিবলৈ সমৰ্থ হয়। জিলাখনৰ বাইহাটাত এক সফল অভিযান চলাই বৃহৎ পৰিমাণৰ চাহপাতসহ অপহৃত ট্ৰাকখন উদ্ধাৰ কৰে ৰঙিয়া আৰক্ষীয়ে।

প্ৰাপ্ত তথ্য অনুসৰি চাহপাত ভৰ্ত্তি এ এচ ০১ দি দি ৩০৭৮ নম্বৰৰ দহচকীয়া কলকাতা অভিমুখী ট্ৰাকখন যোৱানিশা ওদালগুৰি জিলাৰ ওৰাঙৰ পৰা অপহৃত হয়।  

বিশ্বনাথ জিজিলাৰ বৰগাঙৰ চাহবাগিছাৰ পৰা কলকাতা অভিমুখী এই ট্ৰাকখনৰ চালক আৰু খালাচীক ট্ৰাকখনৰ পৰা নমাই দি যোৱানিশা দুৰ্বত্তৰ দলে ওৰাঙৰ পৰা অপহৰণ কৰিছিল।

আজি গোপনসূত্ৰে পোৱা খবৰৰ ভিত্তিত ৰঙিয়া মহকুমা আৰক্ষী বিষয়া প্ৰণব কুমাৰ পেগুৱে স্থানীয় কমলপুৰ থানাৰ আৰক্ষীৰ সহযোগত বাইহাটাৰ ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথত এক অভিযান চলায়।

এই অভিযান কালত দাঁতিত ৰখাই থোৱা অৱস্থাত আৰক্ষীৰ দলটোৱে ট্ৰাকখন সম্পূৰ্ণ চাহপাতসহ জব্দ কৰিবলৈ সক্ষম হয়। অৱশ্যে ট্ৰাকখন উদ্ধাৰৰ সময়ত অপহৰণকাৰী দলটোৰ এজনকো কৰায়ত্ত কৰিবলৈ সমৰ্থ নহ'ল আৰক্ষী।