anitwitter
anitwitter

newsnextone.com | ডিজিটেল ডেস্কঃ দুয়ো নেতাৰে কাম কৰাৰ ধৰণ বেলেগ বেলেগ৷ কেতিয়াবা যদি ইজনে সিজন ধমকি দিয়ে কেতিয়াবা সিজনে ইজনক ধমকি দিয়ে৷ সময়ে সময়ে ধমকিয়ে সীমা পাৰো কৰি পালয়৷ দুয়োজন নেতাই বৰ্তমান বিশ্বৰ শক্তিশালী নেতা৷ দুয়ো নেতাৰ অধিনত থাকে বহু দেশ৷ বহু দেশত প্ৰভাৱ বিস্তাৰ কৰে৷ 

দীৰ্ঘ সময়ৰ পৰা দুয়ো দেশৰ সম্পৰ্ক ভাল নহয় যদিও সোমবাৰে মিলিত হ’ল দুয়োজন নেতাই৷ দুয়োজন নেতাই যে একত্ৰিত হ’ব সেয়া আছিল বিশ্ববাসীৰ বাবে এক বৃহৎ খবৰ৷ কোনোৱে আশা নকৰাকৈ আমেৰিকা ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্প আৰু ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভলাডিমিৰ পুটিনে সোমবাৰে দেখা দেখা হৈয়ে কৰমৰ্দন কৰে৷ প্ৰথমে দুয়ো নেতাই ফিণলেণ্ডত উপস্থিত হয়৷ তাৰ পিছতে দুয়োৰে মাজতে সাক্ষাৎ হয়৷

প্ৰথমবাৰৰ বাবে আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্প আৰু ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভলাডিমিৰ পুটিনে এনেদৰে আনুষ্ঠানিক বৈঠকত মিলিত হয়৷ ফিণলেণ্ডৰ হেলস্নিকী চহৰত মিলিত হয় দুয়ো প্ৰভাৱশালী নেতাই৷ বৈঠকৰ সময়ত দুয়ো নেতাৰ মাজত চিৰিয়া, ইৰাণ, আমেৰিকাৰ নিৰ্বাচনত হস্তক্ষেপ সন্দৰ্ভত আলোচনা কৰিব৷ এই বৈঠকত ইউক্ৰেন সন্দৰ্ভতোঁ আলোচনা কৰা সম্ভাৱনা আছে৷ এই বৈঠতক অন্তত দুয়ো নেতাই মিডিয়াৰ সন্মুখত কি কব সেয়া প্ৰত্যক্ষ কৰিবলৈ বিশ্ববাসীয়ে দৃষ্টি নিৱিদ্ধ কৰিছে৷

ট্ৰাম্পে ফুটবল বিশ্বপকাপ সুকলমে অনুষ্ঠিত কৰাত পুটিনক ধন্যবাদ যাচে৷ দুয়ো দেশতে একেলগে কাম কৰিম বুলি কয়৷ বাণিজ্য, মিছাইল, চাইনা সন্দৰ্ভত ভাল কাম কৰিম বুলি কয় ট্ৰাম্পে৷