newsnextone.com | ডিজিটেল ডেস্কঃ আপুনি সৰু থাকোঁতে বিদ্যালয়ৰ প্ৰতিটো শ্ৰেণীকোঠাত গুৰুগম্ভীৰ খোজেৰে শিক্ষক সোমায়েই পাঠদান কৰাৰ আগতে ৰোল নম্বৰৰ বহিখন মেলি যেতিয়া আপোনাৰ ৰোল নম্বৰটো মাতি ‘ৰোল নম্বৰ অমুক’ বুলি চিঞৰিছিল, তেতিয়া আপুনি কি বুলি উত্তৰ দিছিল? হয়তো সকলো ছাত্ৰ-ছাত্ৰীৰ দৰে আপুনিও ‘উপস্থিত’ বা অলপ ডাঙৰ হোৱাৰ পিছত ‘প্ৰেজেন্ট ছাৰ’ নতুবা ‘য়েছ ছাৰ’ বুলি চিঞৰি উঠিছিল৷

আপোনাৰ উপস্থিতি বিদ্যালয়ত আছেনে নাই সেয়া জানিবলৈকে প্ৰতিটো শ্ৰেণীতে এনে কাৰ্য সম্পাদন হৈছিল৷ আনহাতে শিক্ষকে ৰোল নম্বৰটো চিঞৰি মতাৰ লগে লগে আপোনাৰ উপস্থিতি জনাবলৈ ‘উপস্থিত ছাৰ’, ‘প্ৰেজেন্ট ছাৰ’ অথৱা ‘য়েছ ছাৰ’ আদি শব্দবোৰ ব্যৱহাৰ কৰিবলৈ আপোনাক শিকোৱা হৈছিল৷ আৰু আপুনি হয়তো সেই শব্দকেইটাৰ অৰ্থ নজনাকৈয়ে ভাটৌৰ দৰে বাৰে বাৰে আওৰাই গৈছিল৷ 

যি নহ’লেও এই শব্দ কেইটাৰ সৈতে নিশ্চয় এতিয়াও আপোনাৰ শৈশৱ উটি ভাহি ফুৰে৷ বা সেই শব্দবোৰেই কিজানি আজিও ৰোমন্থন কৰাই আপোনাৰ শৈশৱ৷

কিন্তু মধ্য প্ৰদেশৰ শিক্ষা বিভাগৰ নতুন নিয়ম অনুসৰি বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়ে এতিয়াৰে পৰা ছাত্ৰ-ছাত্ৰীৰ উপস্থিতি জনাৰ সময়ত এনেবোৰ শব্দৰ প্ৰয়োগ কৰিব নোৱাৰিব৷ তৰ পৰিবৰ্তে ছাত্ৰ-ছাত্ৰীৰ ৰোল নম্বৰ মতাৰ সময়ত ছাত্ৰ-ছাত্ৰীয়ে কব লাগিব ‘জয় হিন্দ’ বুলি৷ 

শিক্ষাৰ্থী সকলৰ মাজত দেশভক্তিৰ চেতনা জগাই তুলিবলৈকে মধ্যপ্ৰদেশ চৰকাৰে এই নীতি অৱলম্বন কৰিছে৷ সৰুৰে পৰা যাতে ছাত্ৰ-ছাত্ৰীসকল দেশৰ প্ৰতি দায়ত্বশীল হৈ গঢ়ি উঠিব পাৰে, তাৰ প্ৰতি লক্ষ্য ৰাখিয়ে মধ্য প্ৰদেশৰ শিক্ষা বিভাগে বিদ্যালয়ৰ হাজিৰা ডাকৰ সময়ত য়েছ ছাৰ বা প্ৰেজেন্ট ছাৰ কোৱাৰ পৰিৱৰ্তে জয় হিন্দ ক’বলৈ নিৰ্দেশ দিছে৷ 

ইয়াৰ পূৰ্বেও মধ্য প্ৰদেশৰ শিক্ষা মন্ত্ৰী বিজয় শ্বাহে ২০১৭ চনত ছাত্ৰ-ছাত্ৰীক ‘জয় হিন্দ’ বুলি কবলৈ শিক্ষা দিয়াৰ নিৰ্দেশ দিছিল৷ শিক্ষা মন্ত্ৰীগৰাকীয়ে ৰাজ্যখনৰ সমূহ ১.২২ লাখ চৰকাৰী বিদ্যালয়তে এই নতুন নীতি পালন কৰিবলৈ নিৰ্দেশ দিছে৷ আনহাতে ব্যক্তিগত খণ্ডৰ বিদ্যালয়সমূহতো এই নীতি পালন কৰিবলৈ নিৰ্দেশ হ’ব বুলিও শিক্ষা মন্ত্ৰী বিজয় শ্বাহে মন্তব্য কৰে৷