গোৱালপাৰাঃ গোৱালপাৰা চহৰৰ মাজমজিয়াত পঞ্চৰত্ন ৰোডত থকা ইলিজেন্ট গেছ চাৰ্ভিছৰ গুদামৰ সন্মুখত পাৰ্কিং কৰি ৰখা দুখন পৰিত্যক্ত যাত্ৰীবাহী বাছত সোমবাৰে মাজনিশা দুৰ্বৃত্তই অগ্নিসংযোগ কৰে৷ গোৱালপাৰা অগ্নি নিৰ্ব্বাপক বাহিনীয়ে অতি তৎপৰতাৰে দাউ দাউকৈ জ্বলি থকা বাছ দুখনৰ জুই নিৰ্বাপিত কৰিবলৈ সক্ষম হয়।
জুইত জাহ যোৱা বাছ দুখনৰ নম্বৰ হৈছে এ এছ ১৮ চি ২৩২৯ আৰু এ এছ ২৫ বিচি ১৬৯২৷ স্থানীয় লোকসকলে জনোৱা মতে ৪৬ নং ৰাজ্যিক ঘাইপথত দীৰ্ঘদিন ধৰি পাৰ্কিং কৰি ৰখাই থোৱা আছিল এই দুখন বাছ।
ইফালে, এই ঘটনাত কথমপি ৰক্ষা পৰে অগ্নি সংযোগ কৰা বাছ দুখনৰ কাষতে থকা ইণ্ডেন গেছ ছাৰ্ভিচৰ (ইলিজেন্ট)বৃহৎ গুদামঘৰ, অৰিয়নটেল বেংক অব কমাৰ্চ, এম এন চুজুকি শ্ব'ৰুম, গোৱালপাৰা ট্ৰাক মালিক সন্থাৰ ভৱন, বিভিন্ন সৰু-বৰ ব্যৱসায়িক প্ৰতিষ্ঠান আৰু আবাসিক ঘৰ-দুৱাৰ ৷ স্থানীয় আৰক্ষী আৰু অগ্নিনিৰ্বাপক বাহিনীয়ে সময়মতে উপস্থিত হৈ উক্ত জুই নিৰ্বাপিত নকৰা হ’লে সমগ্র চহৰখনক গ্ৰাস কৰি পেলালেহেতেন বুলি স্থানীয় ৰাইজে মত প্ৰকাশ কৰিছে৷
উল্লেখ্য যে, দীৰ্ঘদিন ধৰি ৰাজপথত ৰখাই থোৱা পৰিত্যক্ত বাছ দুখন অসৎ উদ্দেশ্যেৰে দুৰ্বৃত্তই অগ্নিসংযোগ কৰা বুলি একাংশ সচেতন ব্যক্তিয়ে অভিযোগ উত্থাপন কৰিছে৷ ইতিমধ্যে অগ্নিকাণ্ডৰ ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে গোৱালপাৰা আৰক্ষীয়ে।