newsnextone.com ।। লিডুঃ তিনিচুকীয়া জিলাৰ বৰডুমচা আৰক্ষী থানাৰ অন্তৰ্গত  ২ নং মহং গাঁৱৰ পৰা যোৱা ২১ আগষ্টৰ পৰা নিৰুদ্দেশ হৈ আছে দুগৰাকী স্কুলীয়া ছাত্ৰী ৷ পুৱা মাহাত্ম গান্ধী হাইস্কুলৰ ছাত্ৰী দুগৰাকী  বিদ্যালয়লৈ বুলি ওলায় যোৱাৰ পাছৰে পৰা নিৰুদ্দেশ হৈ থকা ঘটনাই এলেকাটোত চাঞ্চল্যকৰ সৃষ্টি কৰিছে ৷ ছাত্ৰ দুগৰাকী ক্ৰমে কৰবী ওৰাং আৰু দিয়া মুড়া বুলি জানিব পৰা গৈছে ৷ পৰিয়ালৰ লোক নিৰুদ্দেশৰ সন্দৰ্ভত বৰডুমচা থানাত এজাহাৰ দাখিল কৰিছে যদিওঁ আৰক্ষীয়ে বৰ্তমানেও ছাত্ৰী দুগৰাকীৰ কোনো সম্ভেদ উলিয়াবলৈ সক্ষম হোৱা নাই ৷