সংগীতৰ নাই কোনো পৰিধি৷ নাই নিৰ্দিষ্ট এক ভাষা। সংগীতে সদায় সীমাৰ পৰিধি ভাঙি বুকুৱে বুকুৱে বৈ যায়। যুগে যুগে এয়া সত্য। হোৱাই ডিছ কলাবেৰী, মানিকে মাগে হিথেই এতিয়াৰ প্ৰজন্মকো সেই কথা উদাহৰণসহ বুজাই আহিছে। এই তালিকাত শেহতীয়াকৈ সংযোজিত হৈছে আন এটি গীত। এই গীতটি আকৌ সাত সাগৰ তেৰ নদীৰ সিপাৰৰ। গীতটোৰ ভাষা বুজি নাপালেও সুৰ আৰু সংগীতৰ বাবেই সমগ্ৰ বিশ্বতে এতিয়া প্ৰতিধ্বনিত হৈছে এটাই শব্দ 'ময়ে মোৰে’! কিন্তু কি এই 'ময়ে মোৰে’?
ফেচবুক, ইনষ্টাগ্ৰামত ৰীলছ আৰু ইউটিউবত শ্বৰ্টভিডিঅ’ খুলিলেই প্ৰতিটো ৫০ টা ভিডিঅ’ৰ মূৰে মূৰে এই গীতটো এইকেইদিন শুনিবলৈ পোৱা গৈছে। গীতটোক লৈ সকলোৱে নিজৰ নিজৰ ধৰণে ভিডিঅ’ ক্ৰিয়েট কৰিছে। মুঠৰ ওপৰত নুবুজা ভাষাৰ গীতটোৱে সমগ্ৰ বিশ্বৰ লগতে ভাৰত তথা অসমৰ নেটিজেনসকলকো চুই গৈছে। অসমীয়া ভাষী লোকসকলৰ মাজত আকৌ গীতটো অধিক বিশেষ হৈ পৰিছে। ইয়াৰ কাৰণ গীতটোৰ হিট শব্দ দুটা। বহু নেটিজেনে গীতটোৰ হিট ৱৰ্ড 'ময়ে মোৰে’ক 'ময়ে ময়ে’ বুলিও উল্লেখ কৰা দেখা গৈছে। একাংশই গানটো এনেধৰণেও উপস্থাপন কৰিছে যেন অসমীয়াতহে গোৱা হৈছে। বহুতে গীতটো কমেডি হিচাপে দেখাইছে।
পিছে, সঁচাকৈয়ে গীতটোত থকা 'ময়ে মোৰে’ মানে 'মই মোৰ’ ধৰণৰ কথা বুজাইছে নেকি? একাংশ ৰীলছ মেকাৰে উপস্থাপন কৰাৰ দৰে এই গীতটো আমাৰ অসমীয়া ভাষাৰ 'বিলাহী বিলাহী বুকুতে পকিছে বিলাহী’ টাইপ অৰ্থহীন গীত নেকি? কেৱল সস্তীয়া জনপ্ৰিয়তা পাবৰ বাবে গোৱা ফটুৱা গান নেকি 'ময়ে মোৰে’? ইয়াৰ উত্তৰ হ’ল, 'মুঠেই নহয়’। বিপৰীতে এই গীতটো হৈছে এটি গভীৰ অৰ্থ বহন কৰা গীতহে।
'ময়ে মোৰে’ কথাখিনি শুনিবলৈ অসমীয়া ভাষাৰ যেন লাগিলেও গীতটো হৈছে ছাৰ্বিয়ান ভাষাৰ গীত। গীতটি গাইছে ৩১ বছৰীয়া ছাৰ্বিয়ান কণ্ঠশিল্পী টেয়া ডোৰাই। সংগীত জগতত টেয়া ডোৰা নামেৰে জনাজাত এইগৰাকী দীপলিপ কণ্ঠশিল্পীৰ প্ৰকৃত নাম হৈছে টেওডোৰা পাভলোস্কা। আমেৰিকাৰ বষ্টনস্থিত বাৰ্কলি কলেজ অব মিউজিকত সংগীতৰ শিক্ষা গ্ৰহণ কৰা টেয়াই ২০১৯ চনত কণ্ঠশিল্পী হিচাপে প্ৰথমটো গীত আনুষ্ঠানিকভাৱে মুকলি কৰিছিল। মুকলিৰ লগে লগে জনপ্ৰিয় হৈ পৰা গীতটো আছিল 'ডা না মেনি জে’। গীতটোৰ সফলতাৰ পিছত টেয়াই ২০২০-২০২৩ৰ সময়ছোৱাত কেবাখনো ছাৰ্বিয়ান চিনেমাৰ বাবে গীত ৰচনা কৰিছিল।
অৱশেষত ২০২৩ চনৰ মাৰ্চ মাহত টেয়া ডোৰাৰ 'জনুম’ (Džanum) শীৰ্ষক গীতটিয়ে মুক্তি লাভ কৰে। মুক্তিৰ লগে লগে সমগ্ৰ বিশ্বৰ ইমূৰৰ পৰা সিমূৰলৈ ভাইৰেল হৈ পৰা এই ছাৰ্বিয়ান গীতটোতেই আছে অসমতো আলোড়নৰ সৃষ্টি কৰা হিট লাইন 'ময়ে মোৰে’ (ছাৰ্বিয়ান উচ্চাৰণ মজে ম'ৰে)। ভাষাটো বুজি নোপোৱাকৈয়ো যদিহে গীতটো দৃশ্যাংশসহ গভীৰ মনোযোগেৰ চাবলৈ আৰু শুনিবলৈ লয় তেন্তে সকলোৱে এখন সুকীয়া পৃথিৱীত সোমাই পৰাতো নিশ্চিত।
গীতটোৰ কথাত লুকাই আছে বুকুভেদি যোৱা গভীৰ হুমুনিয়াহ, যন্ত্ৰণা আৰু নিসংগতাত ক্ষত-বিক্ষত হৈয়ো ভাগৰি নপৰা এগৰাকী যুৱতীৰ কথা। বাৰে বাৰে যুৱতীগৰাকী সকলোৰে পৰা পৰিত্যক্তা হৈ পৰিছে। কোনেও তেওঁৰ আঘাত আৰু যন্ত্ৰণা উপশম কৰিবলৈ চেষ্টা কৰা নাই। কোনেও তেওঁক বুজিবলৈকো আগ্ৰহ ব্যক্ত কৰা নাই। এনে ভয়ংকৰ পৰিৱেশৰ মাজত থাকিও হাৰ মানিব নোখোজা যুৱতীগৰাকীয়ে মাজনিশা প্ৰতিদিনে একেটাই ভয়লগা সপোন দেখিছে। সেই সপোনত উঠি আহিছে ৰহস্যময় এগৰাকী সন্যাসী, তেওঁৰ হাতত পৱিত্ৰ কাল পতাকা। তেওঁৰ এনে লাগিছে যেন দূৰৈৰ পৰা তেওঁক কোনোৱে ধূসৰ সমুদ্ৰলৈ মাতিছে। তেতিয়াই তেওঁ অন্তৰৰ পৰা উপলব্ধি কৰিছে যে ভাল দিন আচলতে তেওঁৰ পৰা সুদূৰ পৰাহত। আনকি তেওঁ এই সমস্যাবোৰৰ পৰা কেতিয়াও পৰিত্ৰাণ পোৱাৰো উপায় নাই।
তেওঁ নিজেই নিজক অথবা মনৰ ভিতৰৰ মনে বিচাৰি থকা প্ৰিয়জনক আক্ষেপেৰে কৈছে যে তেওঁৰ দুখবোৰ বুজিবলৈ কাৰোৱেই আহৰি নাই। এই যন্ত্ৰণাৰ নিশাবোৰত মূৰ থৈ শুবলৈকো তেওঁৰ ওচৰত কোনো নাই। উপায়ন্তৰ হৈ তেওঁ সাবটি শুই থকা গাৰুটো আৰু জোৰকৈ সাবটি ইটোৰ পিছত সিটো জয়াল ৰাতি সেই ভয়লগা সপোন চাই কটাই দিছে। তেওঁ শেষত ভালকৈয়ে বুজি উঠিছে যে জীৱনৰ শেষ দিনটো পৰ্যন্ত, পৃথিৱীৰ শেষ দিনটো পৰ্যন্ত তেওঁ এনেকৈয়ে কটাব লাগিব। কাৰণত তেওঁৰ আচলতে জিৰণি ল’বলৈ কোনো নিৰ্দিষ্ট ঘৰ নাই, তেওঁৰ আত্মা বা মনটো জুৰ পৰিব পৰাকৈ কোনো সুৰ নাই। আছে কেৱল মম জ্বলি জ্বলি আন্ধাৰ পুৱাবলৈ বহুপৰ বাকী থকা জয়াল নিশা আৰু অলেখ দুঃস্বপ্ন!
গীতটোৰ শেষতো প্ৰতিধ্বনিত সুৰত গাইছে 'মজে ম'ৰে, মজে ম'ৰে...’ অৰ্থাৎ 'অ’ মোৰ দুঃস্বপ্নবোৰ, অ’ মোৰ দুঃস্বপ্নবোৰ...!’’ এনেদৰেই গীতটোত আৰম্ভণিৰ পৰা শেষলৈ মানুহৰ অৱচেতন মনৰ নিসংগতা আৰু যাতনাকে ফুটাই তুলিছে ছাৰ্বিয়ান কণ্ঠশিল্পী টেয়া ডোৰাই। গীতটোত ব্যৱহাৰ কৰা džanum শব্দটোৰ দুটা অৰ্থ থাকিব পাৰে বুলি গীতটোৰ বিশ্লেষণ দাঙি ধৰাসকলে মন্তব্য কৰিছে। একাংশ অনুবাদকে džanum শব্দটোৰ অৰ্থ আত্মা বুলি কোৱাৰ বিপৰীতে আন একাংশই উক্ত শব্দটোৱে আমাৰ গোৱালপৰীয়া গীতত থকা 'মন ৰচনা’ৰ দৰে অৰ্থ বহন কৰিছে বুলিও কোৱা দেখা গৈছে। সি যি নহওক সৰ্বত্ৰে ভাইৰেল হৈ পৰা 'ময়ে মোৰে’ হিট লাইনটোক বহুতে কমেডী হিচাপে ব্যৱহাৰ কৰিলেও ইয়াৰ প্ৰকৃত অৰ্থ হৈছে 'মোৰ দুঃস্বপ্নবোৰ’।
এই ব্যস্ত জীৱনত এতিয়া আমি যিমানেই হাঁহি নাথাকো কিয় বা হাঁহি থকাৰ অভিনয় নকৰো কিয়, নিজৰ সৈতে কটোৱা একান্ত মুহূৰ্তবোৰত হয়তো আমি সকলোৱেই নিংসগ। নিজৰ সৈতে কথা পাতিলে আমাৰ সকলোৰে হৃদয়ে পোৱা-নোপোৱাৰ হিচাপ-নিকাচত হৈ পৰে উদভ্ৰান্ত। অকলশৰীয়া তেনে মুহূৰ্তবোৰত আহি ভিৰ কৰেহি হা-হুমুনিয়াহ আৰু যাতনাবোৰে। দুচকু মুদিলেই ভাহি উঠে দুঃস্বপ্নবোৰ। তেতিয়াই হয়তো সাত সাগৰ তেৰ নদীৰ সিপাৰৰ ছাৰ্বিয়ান কণ্ঠশিল্পী টেয়া ডোৰাই গোৱাৰ দৰে আমাৰো মনৰ ভিতৰৰ মনে কৈ উঠে, 'ময়ে মোৰে... ময়ে মোৰে...’ অৰ্থাৎ 'আস, মোৰ দুঃস্বপ্নবোৰ...’!
Disclaimer: The opinions expressed within this article are the personal opinions of the writer. The facts and opinions appearing in the article do not reflect the views of News Next One and News Next One does not assume any responsibility or liability for the same.