♦ ছয় বছৰত ১০৫ জন লোকৰ মৃত্যু ওদালগুৰিত

অঞ্জনজ্যোতি শৰ্মা, ওদালগুৰিঃ ওদালগুৰি জিলাৰ ভাৰত-ভূটান সীমান্ত অঞ্চলত অব্যাহত আছে হাতী-মানুহৰ সংঘাত। নিশাৰ ভাগত হাতীৰ প্ৰকাণ্ড জাকসমূহে গাঁও অঞ্চলত প্ৰৱেশ কৰি খেতি-বাতি তহিলং কৰাৰ লগতে বাসগৃহ লণ্ড-ভণ্ড কৰে। 

যাৰ ফলত বিভিন্ন সময়ত শুৱা পাটীতে প্ৰাণ যায় গঞা ৰাইজৰ। কেৱল ৰাতিয়েই নহয়, দিন দুপৰতে বন্যহস্তীৰ জাকসমূহে জনাঞ্চলত প্ৰৱেশ কৰা ঘটনা নিত্য নৈমিত্তিক ঘটনাৰূপে পৰিণত হৈছে। 

শুকুৰবাৰে পুৱা ৮:৩০ মান বজাত ওদালগুৰি জিলাৰ হৰিশিঙা আৰক্ষী থানাৰ অন্তৰ্গত ৩ নং কুণ্ডৰবিলত সংঘটিত হয় এক অনুৰূপ ঘটনা। বনৰীয়া হাতীৰ আক্ৰমণত থিতাতে নিহত হ'ল খচ বাহাদুৰ ৰায় নামৰ এজন বৃদ্ধ লোকৰ। 

জানিব পৰা মতে লোকজনে পুৱা বজাৰলৈ গৈ থকা অৱস্থাত এটা বনৰীয়া হাতীয়ে আক্ৰমণ কৰাত থিতাতে নিহত হয় লোকজন। পাছত ঘটনাস্থলীত হৰিশিঙা আৰক্ষী আৰু বন বিভাগৰ লোক উপস্থিত হৈ লোকজনৰ মৃতদেহ উদ্ধাৰ কৰি মৰোনোত্তৰ পৰীক্ষাৰ বাবে ওদালগুৰি অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে। 

উল্লেখ যে ২০১৫ চনত ২১ জন, ২০১৬ চনত ৮ জন, ২০১৭ চনত ৭জন, ২০১৮ চনত ২০ জন আৰু ২০১৯ চনৰ আজিৰ ঘটনাসহ ৭ জনকৈ লোক হাতী মানুহৰ সংঘাতৰ ফলত মৃত্যুমুখত পৰিছে। কিন্তু ইয়াৰ পাছতো জিলাখনৰ উত্তৰাঞ্চলত হাতী-মানুহৰ সংঘাত ৰোধত চূড়ান্তভাৱে ব্যৰ্থ হৈছে ৰাজ্য চৰকাৰ তথা বিয়াগোম বন বিভাগ।