লংকাঃ পৰিৱৰ্তনকামী মিত্ৰজোঁট চৰকাৰে অসমৰ স্বাস্থ্য বিভাগক উন্নত কৰাৰ কথা কৈ আহিছে। অসমৰ বৰ্তমানৰ স্বাস্থ্য মন্ত্ৰী ড. হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই সমগ্ৰ অসমতে চিকিৎসাৰ সু-ব্যৱস্থা কৰাৰ কথা বিভিন্ন সময়ত কৈ আহিছে। কিন্তু প্ৰকৃততে অসমৰ স্বাস্থ্য খণ্ডত কিবা পৰিবৰ্তন হৈছে জানো? এই মুহূৰ্তত এয়াই হৈ পৰিছে এক ডাঙৰ প্ৰশ্ন। এই প্ৰশ্ন কৰিছে হোজাই জিলাৰ লংকাৰ উদালী অঞ্চলৰ ৰাইজে।
উদালী, নখুটি, কাকীকে আদি কৰি এক বৃহত্তৰ অঞ্চলৰ ৰাইজে অতীজৰে পৰা চিকিৎসা ব্যৱস্থাৰ বাবে বহু কষ্ট মূৰ পাতি ল'ব লগা হৈ আহিছে। উন্নত মানৰ চিকিৎসাৰ বাবে বাটকুৰি বাই অতিক্ৰম কৰি হোজাই অথবা নগাঁওলৈ যাবলগা হয়।
বিশেষকৈ উদালী অঞ্চলৰ ৰাইজে এই ক্ষেত্ৰত যথেষ্ট কষ্ট কৰিবলগীয়া হয়। কিন্তু ৰাজ্যৰ প্ৰত্যেকটো বিধানসভা সমষ্টিত একোখনকৈ আদৰ্শ চিকিৎসালয় নিৰ্মাণ কৰাৰ সিদ্ধান্ত লোৱাৰ পাছত লামডিং সমষ্টিৰ উদালী ফুলতলীত এখন আদৰ্শ চিকিৎসালয় নিৰ্মাণ কৰা হ'ব বুলি জানিবলৈ পাই উদালীবাসীৰ মনত এক নতুন আশাৰ সঞ্চাৰ হৈছিল।
২০১৪ চনৰ পৰা যুদ্ধকালীন তৎপৰতাৰে লংকাৰ ফুলতলীত উদালী আদৰ্শ চিকিৎসালয় নিৰ্মাণৰ কাম আৰম্ভ হৈছিল। ২০১৬ চনৰ শেষৰ ফালে এই চিকিৎসালয়খনৰ নিৰ্মাণ সম্পূৰ্ণ হৈছিল। মাত্ৰ চিকিৎসাৰ বাবে যাৱতীয় সা-সামগ্ৰীখিনিৰ বাদে কোটি কোটি টকা খৰচ কৰি ডাঙৰ ডাঙৰ অট্টালিকা সজা হৈছিল।
কিন্তু আজিকোপতি আৰম্ভ নহ'ল চিকিৎসালয়খন। বৰ্তমান চিকিৎসালয়ৰ অট্টালিকাসমূহ অনৈতিক কাৰ্যকলাপৰ ঘাটিলৈ পৰিণত হোৱা বুলি স্থানীয় ৰাইজে জানিবলৈ দিছে। বিগত কিছু দিন পূৰ্বে চিকিৎসালয়খনৰ পৰা আচবাব চুৰি হোৱাৰ দৰেও ঘটনা সংঘটিত হৈছে।
কোটি টকীয়া আঁচনিৰ নামত চৰকাৰী ধন ব্যয় কৰি নিৰ্মাণ কৰা এই চিকিৎসালয়খন বৰ্তমান গৰু ছাগলীৰ চৰণীয়া পথাৰলৈ পৰিণত হৈছে। তাৎপৰ্যপূৰ্ণ বিষয় যে চিকিৎসালয়খন মুকলি হোৱা নাই যদিও যোৱা ডিচেম্বৰ মাহতে এই আদৰ্শ চিকিৎসালয়ত নাৰ্ছ নিযুক্তি দিয়া হৈছে। পিছে চিকিৎসালয়খন মুকলি নোহোৱাৰ ফলত উদালী আদৰ্শ চিকিৎসালয়ৰ গাতে লাগি থকা ফুলতলী নিম্ন প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত চিকিৎসা সেৱা আগবঢ়াই আহিছে দুগৰাকী নাৰ্ছে।
যি তৎপৰতাৰে চিকিৎসালয়খন নিৰ্মাণ কৰা হৈছিল সেই তৎপৰতা দেখা নগ'ল চিকিৎসালয়খন মুকলি কৰাৰ ক্ষেত্ৰত। তাকে লৈ এতিয়া স্থানীয় ৰাইজৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। কেৱল ওখ ওখ অট্টালিকা সাজিয়ে দ্বায়িত্ব নাসামৰি অতি শীঘ্ৰে চিকিৎসালয়খন মুকলি কৰাৰ বাবে চৰকাৰক আহ্বান জনাইছে স্থানীয় ৰাইজে।