anitwitter
anitwitter

newsnextone.com | ডিজিটেল ডেস্কঃ এটাৰ পিছত এটা বিতৰ্কৰে বাতৰিৰ শিৰোনাম দখল কৰা উত্তৰ প্ৰদেশৰ যোগী চৰকাৰৰ মন্ত্ৰী ওম প্ৰকাশ ৰাজভৰে এইবাৰ বিতৰ্কিত মন্তব্য নহয় এইবাৰ ৰাজপথ মেৰামতি কৰি বাতৰিৰ শিৰোনাম দখল কৰিছে৷ কেতিয়াবা মোডী চৰকাৰৰ বিফলতাৰ বিষয়ে কৈ মন্ত্ৰীগৰাকীয়ে বিতৰ্কৰ সৃষ্টি কৰে৷ 

মন্ত্ৰী ৰাজভৰৰ পুত্ৰৰ বিয়া৷ বিয়ালৈ আহিব দেশৰ বিভিন্ন প্ৰান্তৰ অতিথি৷ কিন্তু মন্ত্ৰীৰ ঘৰলৈ অহা-যোৱা পথৰ অৱস্থা কদৰ্য৷ গড়কাপ্তানী বিভাগেও নকৰিলে পথটোৰ মেৰামতিৰ কাম৷ বিয়াৰ দিন আহি পালে যদিও গড়কাপ্তানী বিভাগে আহৰি নাপালে পথটো মেৰামতি কৰিবলৈ৷ অৱশেষত ৰাজ্য চৰকাৰৰ কেবিনেট মন্ত্ৰীয়ে হাতত কোৰ লৈ পথ মেৰামতি কৰিলে৷ হয়, উত্তৰ প্ৰদেশ চৰকাৰৰ মন্ত্ৰী ওম প্ৰকাশ ৰাজভৰে নিজেই ৰাজপথলৈ ওলাই আহি পথ মেৰামতি কৰে৷ শনিবাৰে হাতত কোৰ লৈ আন ঠাইৰ পৰা মাটি আনি পথৰ গাঁত মেৰামতি কৰে৷

বাৰাণসীৰ ফতেহপুৰত ৰাজভৰৰ নিজ ঘৰলৈ যোৱা পথৰ জৰাজীৰ্ণ অৱস্থা৷ প্ৰায় তিনিমাহ পূৰ্বে পথটো মেৰামতি কৰিবলৈ আবেদন জনোৱাৰ লগতে অভিযোগ পৰ্যন্ত দিছিল গড়কাপ্তানী বিভাগক৷ ২৪ জুনত আৰ্থাৎ আজি ৰাজভৰৰ ঘৰত আছে বিশেষ পাৰ্টি৷ কিন্তু পথৰ অৱস্থা বেয়া হোৱাৰ বাবে চিন্তিত আছিল ৰাজভৰ৷ সকলো আশা এৰি নিজেই হাতে কামে লাগে৷

মন্ত্ৰীয়ে কয় যে প্ৰায় আঢ়ৈ মাহ পূৰ্বে এই পথ নিৰ্মাণৰ বাবে আবেদন জনাইছিলো৷ কিন্তু পুত্ৰৰ বিয়া আহি পালে কিন্তু একেই অৱস্থাত থাকিল পথ৷ সেই কাৰণে মই ৰাইজৰ সহযোগত পথটো মেৰামতি কৰো৷ 

উল্লেখ্য যে, উত্তৰ প্ৰদেশৰ বিজেপি চৰকাৰৰ মিত্ৰজোঁট চৰকাৰৰ সংগী ভাৰতীয় সমাজবাদী পাৰ্টীৰ অধ্যক্ষ তথা অনগ্ৰসৰ শ্ৰেণী কল্যানমন্ত্ৰী ওম প্ৰকাশ ৰাজভৰে পূৰ্বেও ‘সাধাৰণ জনতাৰ মনত কংগ্ৰেছ বেয়া হোৱা কাৰণেই জনতাই বিজেপিক বাচনি কৰিলে৷ যদি বিজেপিৰ কাম কাজেও মানুহক আকৃষ্ট কৰিব নোৱাৰে তেন্তে জনতাই বেলেগ কাৰোবাক নিৰ্বাচন কৰিব৷’ বুলি ৰাজনৈতিক ভাৱে বিতৰ্কিত মন্তব্য কৰিছিল৷