ডিজিটেল ডেস্কঃ ছোৱালীৰ পিছত এইবাৰ ল’ৰাৰ স্বাধীনতাতো হস্তক্ষেপ কৰিবলৈ আগবাঢ়িছে খাপ পঞ্চায়তে। ছোৱালীসকলক নিয়মৰ নাগপাশেৰে বন্দী কৰিবলৈ সদা তৎপৰ হৈ থকাৰ অন্তত উত্তৰ প্ৰদেশৰ খাপ পঞ্চায়তে ল’ৰাকো লক্ষ্য কৰি লৈছে।

ইমান দিনে ছোৱালীসকলে কি পিন্ধিব, ক’লৈ যাব, কি খাব, কেনেদৰে কথা পাতিব, খোজ কাঢ়িব আদি নিৰ্ধাৰণতে ব্যস্ত আছিল খাপ। কিন্তু হঠাৎ সলনি হৈ পৰিছে দেশত আইন থাকিলেও উত্তৰ ভাৰতৰ কেবাখনো ৰাজ্যৰ ভিন্ন অঞ্চলৰ বাবে 'ছুপ্ৰিম ক’ৰ্ট’ সদৃশ খাপ পঞ্চায়ত।

এই অনুযায়ী জাঠ গোষ্ঠীৰ যুৱকসকলক হাফপেণ্ট পিন্ধাৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰিছে উত্তৰ প্ৰদেশৰ খাপ পঞ্চায়তৰ নেতাসকলে। তেওঁলোকৰ মতে, ৰাজহুৱা স্থানত হাফপেণ্ট পিন্ধাৰ কোনো পৰম্পৰা জাঠ গোষ্ঠীৰ পুৰুষসকলৰ মাজত কাহানিও নাছিল। এয়া তেওঁলোকৰ সংস্কৃতি নহয় বুলিও স্পষ্ট কৰি দিয়ে খাপ নেতাসকলে।

এই সন্দৰ্ভত বাল্যয়ণ খাপ নেতা নৰেশ টিকায়তে টাইমছ অব ইণ্ডিয়াক জনাই যে, ৰাজহুৱা স্থানত পুৰুষসকলে হাফপেণ্ট পিন্ধি থকাতো লজ্জাজনক আৰু দৃষ্টিকটু। যদি ছোৱালীসকলে জিনছ পিন্ধাত নিষেধাজ্ঞা থাকিব পাৰে, তেন্তে ল’ৰাবোৰে চুটিপেণ্ট পিন্ধাতো নিষেধাজ্ঞা থাকিব নোৱাৰিব কিয় বুলিও তেওঁ কয়। ল’ৰা-ছোৱালী কাকোৱেই নিয়মৰ পৰা ৰেহাই দিয়া নহয় বুলিও স্পষ্ট কৰি দিয়ে খাপ নেতাজনে। 

উল্লেখ্য যে, নিৰাপত্তাৰ দোহাই দি খাপ পঞ্চায়তে ছোৱালীসকলক জিনছ পিন্ধা আৰু মোবাইল ব্যৱহাৰ কৰাৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰিছিল। আনকি হাৰিয়ানাত ছোৱালীসকলে চাওমিন খোৱাতো নিষেধাজ্ঞা আৰোপ কৰিছে খাপে। খাপৰ মতে চাওমিন খালে ছোৱালীবোৰৰ মন চঞ্চল হৈ পৰে। ফলত চঞ্চল ছোৱালীক দেখি পুৰুষবোৰে ধৰ্ষণ কৰিবলৈ উদ্যত হৈ পৰে। সেয়ে তেনে খাদ্য ছোৱালীয়ে খোৱা অনুচিত বুলি খাপে যুক্তি দি আহিছে।

কেৱল খোৱা-পিন্ধাতেই সীমাৱদ্ধ হৈ থকা নাই খাপৰ নিষেধাজ্ঞা। উত্তৰ ভাৰতৰ বিভিন্ন গোষ্ঠীৰ ছোৱালীসকলক খাপ পঞ্চায়তৰ নিৰ্দেশত এতিয়াও ১৫ বছৰতে ছোৱালীসকলক বিয়া দি অহা হৈছে। খাপ পঞ্চায়তৰ মতে ১৫ বছৰ বয়স হৈছে ছোৱালীৰ বিয়াৰ উপযুক্ত বয়স।

বেছি দেৰিলৈ বিয়া নোহোৱাকৈ থাকিলে সমাজত ধৰ্ষণৰ ঘটনা বৃদ্ধি পাব পাৰে বাবেই কম বয়সতে ছোৱালী বিয়া দিবলৈ পিতৃ-মাতৃক নিৰ্দেশ দি আহিছে খাপ পঞ্চায়তে। এনেদৰে হকে-বিহকে আইন তৈয়াৰ কৰা খাপ পঞ্চায়তৰ শেহতীয়া নিষেধাজ্ঞাক লৈ ক্ষুব্ধ হৈ পৰিছে স্থানীয় যুৱকসকল।