বালিপৰাঃ স্বামীৰ চিকিৎসা কৰি সকলো হেৰুওৱা এগৰাকী নাৰীয়ে অৱশেষত নিজে বিদায় ললে পৃথিৱীৰ পৰা৷ শোণিতপুৰ জিলাৰ ৰঙাপৰাৰ নাথ গাঁৱৰ এইগৰাকী মহিলাৰ কৰুণ কাহিনী অঞ্চলবাসীৰ বাবে এতিয়া আধালিখা দস্তাবেজৰ দৰে৷ ৰঙাপৰাৰ নাথ গাঁৱৰ এইগৰাকী নাৰীয়ে ৮ বছৰে স্বামীক সুস্থ কৰাৰ বাবে চিকিৎসাৰ নামত ঘূৰি-ফুৰি অৱশেষত নিজে ৰোগত আক্ৰান্ত হৈ মেলানি মাগে পৃথিৱীৰ পৰা৷
স্বামী ক্ষীতিশ নাথক ৮ বছৰ ধৰি গল্ড ব্লাডাৰৰ চিকিৎসা কৰি ঊষা দেৱীয়ে হেৰুৱাইছিল সৰ্বস্ব৷ বহু টকা খৰছ কৰি গুৱাহাটীৰ এখন চিকিৎসালয়ত গল্ড ব্লাডাৰৰ অস্ত্ৰোপচাৰো সম্পন্ন কৰে৷ তাৰ পাছতো স্বামী সুস্থ হোৱাৰ পৰিৱৰ্তে বৃক্কৰ ৰোগত আক্ৰান্ত হয়। চিকিৎসকে মহিলাগৰাকীৰ স্বামী নাথক পৰিশ্ৰম নকৰিবলৈ পৰামৰ্শ দিছিল যদিও একমাত্ৰ উপাৰ্জনকাৰী স্বামীয়ে কাম নকৰিলে চৌকা নজ্বলে পৰিয়ালটোত৷ শাক-পাচলিৰ ব্যবসায় কৰা স্বামীয়ে আকৌ ব্যৱসায় আৰম্ভ কৰে৷
ঊষা দেৱীয়ে এটি কন্যা আৰু পুত্ৰ সন্তানৰ ভৱিষ্যতৰ কথা চিন্তা নকৰি স্বামীক সুস্থ কৰি তোলাৰ বাবে ঘৰৰ সকলো সা-সম্পত্তি বিক্ৰী কৰে। দৰিদ্ৰ পৰিয়ালটোৱে কোনো মতে দুবেলা দুমুঠি খাই পেট প্ৰৱৰ্তাই থকাৰ মাজতো পৰিয়ালটোলৈ নামি আহে আন এক দুৰ্যোগ৷ ভূতৰ ওপৰত দানহ পৰাৰ দৰে স্বামীক সুস্থ কৰাৰ বাবে সমস্ত শেষ কৰা ঊষা দেৱী আক্ৰান্ত হয় এক অচিন ৰোগত।
স্বামীৰ চিকিৎসাৰ বাবে হাতত ফুটা কঢ়ি নথকা ঊষা দেৱীয়ে নিজৰ ৰোগৰ কথা কাক ক’ব৷ ৰুগীয়া স্বামীক এই বিষয়ে জনাইনো কেনেকৈ। এনেদৰে ৰোগৰ কথা অইনক অৱগত নকৰি বিছনাত কিছু দিন থাকিয়েই বিনা চিকিৎসাই মৃত্যুৰ সৈতে যুজি শেষত যোৱা শনিবাৰে ঊষা দেৱীয়ে নিয়তিৰ ওচৰত হাৰ মানি মৃত্যুক আকোৱালি লয়৷
হঠাৎ এনেদৰে মাতৃয়ে ইহ-সংসাৰ এৰি গুচি যোৱাৰ পাছত বিছনাকে সংগী কৰি লোৱা পিতৃৰ সৈতে তেনেই অসহায় হৈ পৰা দুই সন্তানে আধাতে স্কুল এৰিবলৈ বাধ্য হৈ পৰে। ৰুগীয়া পিতৃক সমুখত লৈ চকুলো টুকি টুকি আকৌ বিদ্যালয়লৈ যাব বিচৰা সন্তান দুটিয়ে এতিয়া গভীৰ প্ৰত্যাশাৰে বাট চাই ৰৈছে আপোনাৰ এধানি সহায়লৈ।