গোৱালপাৰাঃ এইবাৰ গোৱালপাৰাত টীকাতংক ৷ চহৰখনৰ ফৰেষ্টগেটৰ নৱজ্যোতি জাতীয় বিদ্যালয়ত বেজীৰ আতংক৷ বিদ্যালয় এৰি পলায়ন শ শ ছাত্ৰ-ছাত্ৰীৰ ৷ জিলাখনৰ চৰাঞ্চলসমূহতো সৃষ্টি হ'ল এক হাঁহাকাৰ পৰিস্থিতিৰ৷
নামনি অসমৰ বৰপেটা, নলবাৰীৰ পিছত এইবাৰ গোৱালপাৰাত বেজীৰ আতংক৷ বেজী দিয়াৰ ফলত মৃত্যু হোৱা, সন্তান জন্ম দিয়াৰ ক্ষমতা হেৰুওৱাৰ উৰাবাতৰিত আজি এক হাহাকাৰ পৰিৱেশৰ সৃষ্টি হয় গোৱালপাৰা চহৰৰ ফৰেস্টগেটৰ নৱজ্যোতি জাতীয় বিদ্যালয়ত৷
বিদ্যালয়খনত পাঠদান চলি থকাৰ সময়তে একাংশ অভিভাৱকে বিদ্যালয়ত আহি নিজৰ সন্তানক লৈ যাবলৈ বিচাৰে৷ লগে লগে বিদ্যালয়খনৰ শ শ ছাত্ৰ-ছাত্ৰী বেজীৰ ভয়ত খিৰিকিৰে জপিয়াই বিদ্যালয় এৰি পলায়ন কৰে৷
আনকি বিদ্যালয়খনৰ কেবাজনো ছাত্ৰ ছাত্ৰীয়ে ভয়ত কাষৰ হাবিত লুকুৱাই থাকে৷ পাছত শিক্ষক অভিভাৱকে বিচাৰ-খোচাৰ কৰি ছাত্ৰ-ছাত্ৰীসকলক উদ্ধাৰ কৰে ৷ এনেদৰে এক আতংকময় পৰিৱেশৰ সৃষ্টি হয় বিদ্যালয়খনত৷
ইফালে জিলাখনৰ আন কেবাখনো বিদ্যালয়ত আজি বেজীৰ আতংকৰ সৃষ্টি হোৱা বুলি জানিবপৰা গৈছে৷ জিলাখনৰ চৰাঞ্চলসমূহৰ বিদ্যালয়তো বেজী আতংকই দেখা দিয়ে ৷ বিশেষকৈ জিলাখনৰ সীমামূৰীয়া ১২৮৮ নং উজিৰৰচৰ বালক প্ৰাথমিক বিদ্যালয়ত বেজী দিবলৈ অহাৰ খবৰ শুনিয়েই মধ্যাহ্ন ভোজন আধাতে এৰি পলায়ন কৰে ছাত্ৰ ছাত্ৰীসকলে৷
একেদৰে আন কেবাখনো বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়ে বিদ্যালয়ত উপস্থিত হৈয়ে পলায়ন কৰে৷ কেবাখনো বিদ্যালয়ত অভিভাৱকসকলে উপস্থিত হৈ নিজৰ নিজৰ ল'ৰা-ছোৱালীক ওভতাই লৈ যায়। ফলত অসহায় হৈ পৰে শিক্ষকসকল৷