ডিজিটেল ডেস্কঃ বিদ্যালয়, চৰকাৰী কাৰ্যালয়, যিকোনো বেচৰকাৰী প্ৰতিষ্ঠান তথা শিল্প উদ্যোগসমূহত এতিয়াৰে পৰা বাধ্যতামূলকভাৱে গাব লাগিব বন্দে মাতৰম। তামিলনাডুবাসীৰ বাবে এনে এক নিৰ্দেশ জাৰি কৰিছে মাদ্ৰাজ উচ্চ ন্যায়ালয়ে।

উচ্চ ন্যায়ালয়ৰ বিচাৰপতি এম ভি মুৰলীধৰণে এই নিৰ্দেশ প্ৰদান কৰি জনাই যে, বিদ্যালয়সমূহে সপ্তাহত অন্তত এবাৰ, সোমবাৰ বা শুকুৰবাৰে বাধ্যতামূলকভাৱে বন্দে মাতৰম গাব লাগিব। হ’লেও ছাত্ৰ-ছাত্ৰীসকলে যাতে সপ্তাহত দুয়োটা দিনতে উক্ত সংগীত পৰিৱেশন কৰে সেয়া নিশ্চিত কৰিবলৈ নিৰ্দেশ দিয়া হৈছে চৰকাৰী আৰু বেচৰকাৰী বিদ্যালয়সমূহক। আনহাতে কাৰ্যালয়সমূহত বন্দে মাতৰম মাহত কমেও এবাৰ গাব লাগিব।

বাংলা অথবা সংস্কৃতত গীতটি গোৱাত সমস্যা হ’লে প্ৰয়োজন অনুসৰি সেয়া অনুবাদ কৰি গালেও হ’ব বুলি আদালতে জনাইছে। অৱশ্যে কোনো ব্যক্তি বা সংস্থাই যদি এই গানটো নাগায় তেন্তে তাৰ যথোপযুক্ত কাৰণ দৰ্শাব পাৰিলে জোৰ কৰা নহয় বুলিও আদালতে জনাইছে।

⇒পঢ়িব পাৰে এই বাতৰিটোঃ

►১০ বছৰীয়া ধৰ্ষিতা গৰ্ভৱতী শিশুৰ কাষত সৰ্বোচ্চ আদালত

বিচাৰকৰ মতে, যুৱ প্ৰজন্ম হৈছে দেশৰ ভৱিষ্যৎ। সেয়ে এই মহান দেশৰ সুনাগৰিক হৈ উঠিবলৈ এই নিৰ্দেশ যথাযথভাৱে পালন কৰা হ’ব বুলিও আদালতে আশা প্ৰকাশ কৰে। উল্লেখ্য যে কে ভিৰামণি নামৰ এজন ব্যক্তিৰ আবেদনৰ ভিত্তিত মঙলবাৰে এই ৰায় প্ৰদান কৰে মাদ্ৰাজ উচ্চ ন্যায়ালয়ে।