internet
internet

newsnextone.com | ডিজিটেল ডেস্কঃ পুনৰ উত্তাল হৈ পৰিছে কাশ্মীৰ৷ অমৰনাথ যাত্ৰা উপলক্ষ্যে কেন্দ্ৰীয় মন্ত্ৰী ৰাজনাথ সিঙৰ কাশ্মীৰ ভ্ৰমণৰ পূৰ্বেই পুনৰ এবাৰ উত্তপ্ত হৈ পৰিল ভূস্বৰ্গ খ্যাত কাশ্মীৰ৷ 

শনিবাৰে ৰাজ্যখনৰ একাংশ উগ্ৰ প্ৰতিবাদকাৰীয়ে চিআৰপিএফৰ গাড়ীলৈ লক্ষ্য কৰি শিল আৰু ইটা দলিয়াবলৈ আৰম্ভ কৰে৷ প্ৰতিবাদকাৰীৰ শিল বৰ্ষণৰ পৰা ৰক্ষা পাবলৈ গাড়ী চালকে গাড়ীৰ গতি তীব্ৰ কৰাত তিনিগৰাকী লোক গুৰুতৰভাৱে আহত হয়৷ গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত এগৰাকী লোকক চিকিৎসালয়লৈ লৈ যোৱা হয় যদিও চিকিৎসকে লোকজনক মৃত ঘোষণা কৰে৷ এই ঘটনাৰ পিছতে কাশ্মীৰৰ শ্ৰীনগৰৰ পৰিস্থিতি ভয়াবহ হৈ পৰে৷

জানিবলৈ পোৱা মতে, পবিত্ৰ ৰমজান উপলক্ষে জম্মু আৰু কাশ্মীৰত সেনা অভিযান বন্ধ ৰখাৰ বাবে কেন্দ্ৰীয় চৰকাৰে নিৰ্দেশ দিছিল৷ কিন্তু শ্ৰীনগৰৰ নৌহাট্টাত পুনৰ এবাৰ কাশ্মীৰ সেনা বিক্ষোভকাৰীৰ কবলত পৰে৷

সেনা সূত্ৰই প্ৰকাশ কৰা অনুসৰি এগৰাকী জ্যেষ্ঠ সেনা বিষয়াক নিৰ্দিষ্ট ঠাইত নমাই থৈ উভটাৰ পথত এখন সেনাবাহিনীৰ গাড়ী বিক্ষোভকাৰীৰ মুখামুখি হয়৷ সেনাৰ বাহন দেখি উন্মত্ত বিক্ষোভকাৰীয়ে শিলাবৰ্ষণ কৰিবলৈ আৰম্ভ কৰে হঠাৎ হোৱা ঘটনাত একো টলকিব নোৱাৰি সেনাৰ গাড়ী চালকজনে গাড়ীৰ গতি বঢ়াই দিয়াত নিয়ন্ত্ৰণহীন হৈ পৰে৷ যাৰ ফলত দুৰ্ঘটনা ঘটে৷ কিন্তু এই ঘটনাৰ পিছতে ছচিয়েল মাধ্যমত প্ৰচাৰ হোৱা কেইবাটাও ভিডিঅ’ই ঘটনাৰ সত্যাসত্যক লৈ বিতৰ্কৰ সৃষ্টি কৰিছে৷

ইফালে ঘটনা সংঘটিত হোৱাৰ পিছতে মুখ্যমন্ত্ৰী মেহবুবী মুফতিক কটাক্ষ কৰি নেশ্যনেল কনফাৰেন্সৰ নেতা ওমৰ আব্দুল্লাই এটি টুইট কৰে৷ টুইটত তেওঁ লিখে, সংঘৰ্ষ বিৰতি মানে বন্দুকৰ ব্যৱহাৰ নহয়, কিন্তু জীপৰ প্ৰয়োগ কৰিব পাৰে৷ আনহাতে কাশ্মীৰ আৰক্ষী আৰু চিআৰপিএফক চূড়ান্ত ব্যৰ্থ আখ্যা দি কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্যখনৰ শাসকীয় চৰকাৰক তুলাধূনা দিয়ে ওমৰ আব্দুল্লাই৷

অইনফালে, সাধাৰণ জনতাক হত্যাৰ চেষ্টা আৰু বেপৰোৱাভাৱে গাড়ী চলোৱাৰ অভিযোগ উত্থাপন কৰি আৰক্ষীয়ে চিআৰপিএফৰ শ্ৰীনগৰ ইউনিটৰ বিৰুদ্ধে দুটা গোচৰ ৰুজু কৰিচে বুলি জানিব পৰা গৈছে৷