ডিমৌঃ চাওঁতে চাওঁতে সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন চৰকাৰখনৰ প্ৰথম বৰ্ষপূৰ্তি পালেহি। বছৰ পাৰ হ’বৰ হ’ল যদিও পৰিবৰ্তনৰ শ্লোগান শ্লোগানেই হৈ ৰ’ল। গ্ৰামাঞ্চলৰ জনতাৰ বান, গৰাখহনীয়া, যাতায়াত সমস্যা সমস্যা হৈয়েই ৰ’ল।
বাৰিষা অহাৰ লগে লগে আকৌ দুৰ্ভোগৰ মুখামুখি হ’বলৈ যেন সাজু হৈছে ভুক্তভোগী গঞা। বছৰি বান, গৰাখহনীয়া সমস্যাই সৰ্বস্বান্ত কৰাটো পৰম্পৰা হৈ পৰা শিৱসাগৰ জিলাৰ থাওৰা বিধানসভা সমষ্টিৰ বকতা মৌজাৰ খামোন মাহখোৱাবাৰী গাঁৱৰ ৰাইজেও পূৰ্বৰ দৰে এইবাৰো আশংকাত ভুগিছে।
দিচাং নদীৰ গৰাখহনীয়াই বিগত বৰ্ষসমূহৰ দৰে এইবাৰো ভেটি মাটি উছন কৰাৰ আশংকাতে নিজাববীয়াকৈ পদক্ষেপ হাতত লৈছে খামোন মাহখোৱাবাৰীৰ ৰাইজে।
থাওৰা সমষ্টিৰ বিধায়ক কুশল দুৱৰীৰ জন্ম স্থান খামোন মাহখোৱাবাৰীৰ এইসকল গাঁওবাসীয়ে চৰকাৰ কিম্বা জনপ্ৰতিনিধিলৈ বাট নাচাই নিজে শ্ৰমদান কৰি পথ মেৰামতি কৰিবলৈ বাধ্য হৈছে।
কিয়নো বিধায়ক দুৱৰী বা চৰকাৰলৈ বাট চাি থাকিলে কেইদিনমান পিছতেই খামোন-নেমুগুৰি সংযোগী পথছোৱাই যে কদৰ্যময় ৰূপ ল’ব সেয়া তেওঁলোকে বাৰুকৈয়ে উপলব্ধি কৰিবলৈ সমৰ্থ হৈছে।
সেয়েহে যোৱা তিনি দিন ধৰি গাঁৱৰ সৰুৰ পৰা ডাঙৰলৈকে সকলোৱে হাতে হাতে কোৰ আদি লৈ শ্ৰমদানেৰে নামি পৰিছে পথ মেৰামতিত। নিজৰ জন্ম গাঁৱৰ এনে পৰিস্থিতিৰ কথা কাণত পৰিছে যদিও খবৰ এটা কৰিবলৈকো আহৰি পোৱা নাই বিধায়ক দুৱৰীয়ে।