ছিপাঝাৰ: ছিপাঝাৰৰ এখন নৈ পৰীয়া গাঁৱৰ ৰাইজে আতংকত পাৰ কৰিছে দিন-ৰাতি৷ ছিপাঝাৰ বিধান সভা সমষ্টিৰ অন্তৰ্গত নৈপৰীয়া শিঙীমাৰি গাঁৱত ননৈ নদীত দেখা গৈছে তীব্ৰ গৰাখহনীয়া।

খহনীয়াই নৈখনৰ মথাউৰিলৈ কঢ়িয়াই আনিছে ভাবুকি৷ ৰাইজে খহনীয়া ৰোধৰ বাবে জল সম্পদ বিভাগক কাকুতি-মিনতি কৰি আহিছে যদিও এই পৰ্যন্ত একো সুফল পোৱা নাই৷

ইপিনে গৰাখহনীয়াৰ কবলত পৰি মথাউৰি চিঙিলে প্ৰায় ৬০ খনকৈ গাঁও বানপানীত বুৰিব৷ বাৰিষা আহিলেই ননৈ নদীৰ গৰাখহনীয়াৰ কবলত পৰা শিঙিমাৰী গাওৰ ৰাইজে গৰাখহনীয়া ৰোধৰ বাবে উচিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ চৰকাৰ তথা স্থানীয় বিধায়ক বিনন্দ শইকীয়াক দাবী জনাইছে৷