মোৰাঝাৰঃ কোম্পানী মানে কেৱল ৰামঠগন। বিওীয় প্ৰতিষ্ঠানে ৰাজ্যৰ দৰিদ্ৰ ৰাইজক ৰামঠগন দি যোৱাৰ পিছত এইবাৰ ইয়াৰ সৈতে সংযুক্ত হৈছে নামী-দামী প্ৰতিষ্ঠান। এই নামী-দামী প্ৰতিষ্ঠানটো হৈছে ভোডাফোন।

ইণ্টাৰনেট ব্যৱহাৰৰ নামত গ্ৰাহকক ৰামঠগন দিয়াৰ অভিযোগ উত্থাপিত হৈছে বিশ্বৰ আগশাৰীৰ মোবাইল নেটৱৰ্ক আৰু ইণ্টাৰনেট ছাৰ্ভিছ প্ৰভাইডাৰ প্ৰতিষ্ঠানটোৰ বিৰুদ্ধে।

জানিব পৰা মতে, হোজাই জিলাৰ মোৰাঝাৰৰ ৰোহিনী পথাৰৰ এজন লোকে ৩৪৯ টকাৰ নেটপেক ৰিছাৰ্জ কৰিছিল। কিন্তু এই পেকৰ সুবিধা লাভ কৰা নাই বুলি গ্ৰাহকজনে অভিযোগ কৰিছে।

মাত্ৰ এদিন সুবিধা দিয়াৰ বিপৰীতে পিছদিনা অৰ্থাৎ ২৬ জুনৰ নিশা ৮.৪৫ মিনিটত কল চেণ্টাৰত অভিযোগ দিয়াত তিনিজন কৈ বিষয়াই কথা পাতে যদিও গ্ৰাহকজনে অদ্যপি পাবলগীয়া সেৱা লাভৰ পৰা বঞ্চিত হৈ আছে।

তাৰ বিপৰীতে 4জি মোবাইল হেণ্ডছেট আৰু 4জি ছিম কাৰ্ড থকাৰ পিছতো গ্ৰাহক সেৱা বিষয়াই বাৰম্বাৰ মোবাইল হেণ্ডছেট আৰু ছিমখন  3জি বুলি কোৱাত ক্ষুব্ধ হৈ পৰিছে গ্ৰাহকজন। 

এনেদৰে বিগত কিছুদিন ধৰি কেবাজনো গ্ৰাহকে ভোডাফোনৰ পৰা প্ৰতিষ্ঠানটোৱে বিজ্ঞাপনত দাবী কৰা অনুযায়ী সেৱা লাভ কৰিবলৈ সক্ষম হোৱা নাই বুলি অভিযোগ কৰিছে। কেবাজনো গ্ৰাহকে ইতিমধ্যে ভোডাফোনৰ ছিমৰ পৰিৱৰ্তে আন প্ৰতিষ্ঠানৰ ছিম কাৰ্ড লোৱা বুলিও জানিব পৰা গৈছে।