....এটা অভিশপ্ত দিন... সেই দিনটো -২০০৫ চনৰ ১৭ অক্টোবৰ..... পশ্চিম কাৰ্বি আংলঙৰ ছাৰচিম-প্ৰিচেকত শিহৰণকাৰী  গণহত্যাত প্ৰাণ হেৰুৱাইছিল শিশু, মহিলাকে ধৰি ৪১ গৰাকীকৈ নিৰীহ লোকে....আজিও মুকলি আকাশৰ তলত সেই দুৰ্বৃত্তৰ.....ন্যায় লাভ কৰা নাই ভুক্তভুগী পৰিয়ালে....

 কনক দেউৰীৰ প্ৰতিবেদন
"সেইদিনা অচিনাক্ত দুৰ্বৃত্তই জেৰিকীন্দেঙৰ পৰা লংকা-ডিফু অভিমুখে অহা কাৰ্বি স্বায়ত্ব পৰিষদৰ অধীনৰ দুখন যাত্ৰীবাহী বাছ ছাৰচিমত বাট আগুচি ধৰি বাছ দুখনত থকা আমাৰ কাৰ্বি সম্প্ৰদায়ৰ যাত্ৰীসকলক গাড়ীৰ পৰা নমাই এফালৰ পৰা ঘপিয়াই ঘপিয়াই হত্যা কৰিছিল। উক্ত হত্যা কাণ্ডত নিৰীহ পুৰুষ-মহিলা, বৃদ্ধ-বৃদ্ধাৰ লগতে কণমানি শিশুয়েও প্ৰাণ হেৰুৱাইছিল। ইয়াৰ পাছতো ঘাটকৰ দলটোয়ে ক্ষান্ত নাথাকি আমাৰ প্ৰিচেক নামৰ গাঁওখনত উপস্থিত হৈ বহুকেইজন লোকক মৰানাস্ত্ৰৰে  গুলিয়াই হত্যা কৰিছিল।  মনত পৰিলে আজিও গাৰ নোম শিয়ঁৰি উঠে। সেই দিনটো -২০০৫ চনৰ ১৭ অক্টোবৰ, এটা অভিশপ্ত দিন। আমাৰ কাৰ্বি আৰু ডিমাছা ভাইসকলৰ মাজত হোৱা সংঘাতৰ সুযোগ লৈ অচিনাক্ত দুৰ্বৃত্তই  সংঘটিত কৰিছিল এই হত্যা লীলা।" NNO  প্ৰতিবেদকৰ সৈতে হোৱা বাৰ্তালাপত জনাই অঞ্চলবাসীয়ে । এই দিনটোতে কাৰ্বি আৰু ডিমাছা সম্প্ৰদায়ৰ মাজত হোৱা ভাতৃঘাটি সংঘাতৰ সুযোগ লৈ সংঘটিত হৈছিল পশ্চিম কাৰ্বি আংলঙৰ ছাৰচিম-প্ৰিচেকত শিহৰণকাৰী  এই গণহত্যাত অচিনাক্ত দুৰ্বৃত্তৰ হাতত প্ৰাণ হেৰুৱাইছিল শিশু, মহিলাকে ধৰি ৪১ গৰাকীকৈ নিৰীহ লোকে ।

উল্লেখযোগ্য যে বিগত বৰ্ষসমূহৰ দৰে এই বৰ্ষতো উক্ত পাশৱিক গণহত্যাত প্ৰাণ হেৰুৱা লোকসকলক স্মৰণ কৰি ৰাষ্ট্রীয় শোক দিৱস পালন কমিটিৰ উদ্যোগত আজি আয়োজন কৰা হয় শোক দিৱস কাৰ্যসূচী। অনুষ্ঠানত উপস্থিত হৈ মৌন প্ৰাৰ্থনা শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে কাৰ্বি পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাংসহ কাৰ্বি পৰিষদৰ বৃহৎ সজাতি দলে। লগতে  বিভিন্ন দল সংগঠন আৰু অন্য ৰাজনৈতিক দলসমূহেও অনুষ্ঠানটোত উপস্থিত হৈ নিহত লোকসকললৈ শ্ৰদ্ধা নিবেদন কৰে। প্ৰাণ হেৰুৱা লোকৰ সোঁৱৰণিত ইতিমধ্যে নিৰ্মান কৰি তোলা এটা ৰাজহুৱা প্ৰেক্ষাগৃহৰো শুভ উদ্বোধন কৰে কাৰ্বি পৰিষদৰ সজাতি দলটোয়ে। ইয়াৰ পাছতে অনুষ্ঠিত হয় এখন ৰাজহুৱা শোক সভা আৰু এই সভাৰ জৰিয়তে ভাষণ প্ৰসংগত মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে স্মৃতিস্থলীত এখন ৰাজহুৱা উদ্যানৰ লগতে প্ৰাণ হেৰুৱা নিৰীহ লোকসকলৰ স্মৃতিত তেওঁলোকৰ আৱক্ষমূৰ্তি নিৰ্মাণ কৰিব বুলি ৰাইজক প্ৰতিশ্ৰুতি প্ৰদান কৰে।

 দুৰ্ভাগ্যজনক যে আজিও মুকলি আকাশৰ তলত সেই অচিনাক্ত দুৰ্বৃত্তৰ সদস্যসকল। উচিত ন্যায় লাভ কৰিবলৈ সক্ষম হোৱা নাই ভুক্তভুগী পৰিয়ালৰ সদস্যই। ন্যায় লাভৰ আশাত আজিও আশাবাদী এইসকল পৰিয়ালে এতিয়া ঘটনাৰ উচিত তদন্তৰ বাবে চৰকাৰ-প্ৰশাসনক আবেদন জনাইছে।