newsnextone.com | ডিজিটেল ডেস্কঃ সোমবাৰে কংগ্ৰেছে এখন সংবাদমেল অনুষ্ঠিত কৰি বৰ্তমান দেশৰ বিত্ত মন্ত্ৰী কোন বুলি প্ৰশ্ন উত্থাপন কৰে৷ বৰ্তমান দেশৰ বিত্তমন্ত্ৰী কোন স্পষ্ট কৰিবলৈ দাবী জনায় কংগ্ৰেছ নেতা মণিষ তিৱাৰীয়ে৷ এই প্ৰশ্ন উত্থাপন কৰি প্ৰধানমন্ত্ৰীৰ ৱেৱ ছাইটে এটা আৰু বিত্ত মন্ত্ৰালয়ৰ ৱেব ছাইটে আন এটা কৈ অহা বুলি দাবী কৰে কংগ্ৰেছে৷ ভিডিঅ’ কনফাৰন্স কৰি বাৰ্তা কৰি থকা প্ৰধানমন্ত্ৰীক এই কথা স্পষ্ট কৰিবলৈ কয়৷

তিৱাৰীয়ে অভিযোগ উত্থাপন কৰি আৰ্থিক অব্যৱস্থাৰ বাবে এইখন চৰকাৰৰ দিনত সামাজিক উন্নয়ন আৰু আৰ্থিক উন্নয়ন একেলগে হ’ব নোৱাৰে বুলি কৈ প্ৰধানমন্ত্ৰীয়ে স্থিতি স্পষ্ট কৰক বৰ্তমান দেশৰ বিত্তমন্ত্ৰী কোন বুলি প্ৰশ্ন উত্থাপন কৰে?

অৰুণ জেটলিয়ে ৰোগত আক্ৰান্ত হোৱাৰ বাবে কেইমাহমান পূৰ্বে ৰেল মন্ত্ৰী পীয়ুষ গোৱেলক বিত্ত মন্ত্ৰীৰ অতিৰিক্ত দায়িত্ব দিয়া হয়৷ প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ ৱেবছাইট মতে অৰুণ জেটলী বৰ্তমান কোনো পদ নথকা মন্ত্ৰি হৈ আছে৷ প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে ভ্ৰমৰ সৃষ্টি কৰিছে৷ বৰ্তমানেও ৱেব ছাইটৰ পৰা পূৰ্বৰ বিত্ত মন্ত্ৰীৰ নামে আছে৷ বিত্ত মন্ত্ৰালয়ৰ ফলক আৰু ৱেব ছাইটত পীয়ুষ গোৱেলৰ ফটো এতিয়াও সংলগ্ন হোৱা নাই৷

তিৱাৰীয়ে কয় যে প্ৰধানমন্ত্ৰীয়ে নীতি আয়োগৰ বৈঠকত ভাৰতৰ আৰ্থিক উন্নয়নৰ পৰিসংখ্যা বৃদ্ধি কৰিব লাগিব আৰু ৫ হাজাৰ আৰব ডলাৰ অৰ্থ ব্যৱস্থা হ’বলৈ গৈ আছে বুলি উল্লেখ কৰে৷ কিন্তু প্ৰধানমন্ত্ৰীক আমি প্ৰশ্ন কৰিব খুজিছো৷ জিডিপিৰ সংখ্যা আজিলৈ কিয় প্ৰকাশ কৰা নাই৷ জিডিপি ২০০৪-০৯ লৈ ৯.২ আছিল৷ ২০০৯-১৪ লৈ ৭.৫ আছিল৷ বৰ্তমান জিডিপি ৭.১ হৈছে বুলি কয় তিৱাৰীয়ে৷